মুকালমুৱাত গৰু চুৰি কাৰ্যত ব্যৱহৃত বিলাসী বাহন জব্দ

দীৰ্ঘদিনে মুকালমুৱা আৰক্ষীৰ মুৰৰ কামোৰণি হৈ থকা গৰু চুৰি কাৰ্য্যত ব্যৱহৃত  বিলাসী বাহন জব্দ কৰে আৰক্ষীয়ে।মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতা আৰু ASI মকচেদ আলীৰ নেতৃত্বত জব্দ কৰে AS 07Q 1171 নম্বৰৰ এখন বিলাসী বাহন খন।জব্দকৃত বিলাসী বাহন খনৰ ভিতৰত চুৰি,দেগাৰ,ৰচী আদি বিভিন্ন আপত্তিজনক  সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে।মুকালমুৱাৰ শনিৰোডত গাৰীখন ৰহস্যজনক অৱস্থাত ৰৈ থকা দেখি প্ৰত্যক্ষদৰ্শীয়ে মুকালমুৱা আৰক্ষীক খবৰ দিয়ে।আৰক্ষী যোৱা সম্ভেদ পাই শনিৰোডৰ পৰা পলায়ণ কৰি মুকালমুৱাৰ আদাবাৰীত বাহনখন এৰি পলায়ণ কৰে দুৰ্বৃত্তৰ দলটো।বাহন খনৰ স্বত্তাধীকাৰী লক্ষিমপুৰৰ বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে পূৰ্বেতে কেইবাটাও গৰু চোৰ কৰায়ত্ত কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছিল মুকালমুৱা আৰক্ষীয়ে।দীৰ্ঘদিনে এটা দুষ্ট চক্ৰই গৰু চুৰিকে ধৰি বিভিন্ন দুষ্কাৰ্য চলাই আছিল বুলি মুকালমুৱা আৰক্ষীয়ে জানিব দিয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা