জ্ঞানপীঠ বঁটা বিজয়ী, বিশিষ্ট সাহিত্যিক প্ৰয়াত মামণি ৰয়ছম গোস্বামীৰ ৭৮ সংখ্যক ওপজা দিন পালন




ষ্টাফৰিপোৰ্টাৰ,১৪ নৱেম্বৰ : জ্ঞানপীঠ বঁটা বিজয়ী, বিশিষ্ট সাহিত্যিক প্ৰয়াত মামণি ৰয়ছম গোস্বামীৰ ৭৮ সংখ্যক ওপজা দিন শনিবাৰে অনুষ্টুপিয়াকৈ পালন কৰা হয়। বিশিষ্ট সাহিত্যিক গৰাকীৰ ওপজা দিন উপলক্ষে বঙাইগাঁও জিলাৰ বইটামাৰীত বঙাইগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত  আৰু বইটামাৰী স্বৰ্ণ শাখা সাহিত্য সভাৰ সহযোগত বইটামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই জন্ম দিবসৰ কাৰ্যসূচীত বিশিষ্ট সাহিত্যিক গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰে 
বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি ৰমলা ৰায়ে।দুপৰীয়া ছাত্র-ছাত্ৰীৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু প্ৰয়াত সাহিত্যিক গৰাকীৰ জীৱন দৰ্শন আৰু কৰ্মৰাজি সম্পৰ্কে এখন আলোচনা সত্ৰ অনুষ্ঠিত হয়। আনহাতে দক্ষিণ কামৰূপৰ বৰিহাট আমৰংগাতো প্ৰয়াত সাহিত্যিক গৰাকীক স্মৰণ কৰা হয়। সেইদৰে গুৱাহাটীৰ গান্ধিবস্তিত দক্ষিণ-পূৱ এছিয়া ৰামায়ণী গৱেষণা কেন্দ্ৰৰ উদ্যোগত কেন্দ্র প্ৰাংগণত ৰাময়নী সাহিত্যৰ বিশিষ্ট পণ্ডিত প্ৰয়াত মামণি ৰয়ছম গোস্বামী (ডঃ ইন্দিৰা গোস্বামী) ৰ ওপজা দিন ক'ভিড প্ৰট'কল মানি অনুষ্টুপিয়াকৈ পালন কৰা হয়। এই উপলক্ষে দক্ষিণ-পূৱ এছিয়া ৰামায়ণী গৱেষণা কেন্দ্ৰৰ সঞ্চালক সবিতা শৰ্মাই আঁত ধৰা অনুষ্ঠানত ৰাময়নী সাহিত্যৰ বিশিষ্ট পণ্ডিত প্ৰয়াত মামণি ৰয়ছম গোস্বামীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বলন আৰু পুষ্পঞ্জলি অৰ্পণ কৰে বিশিষ্ট সমাজকর্মী, লেখিকা ৰাণী গোহাঁইয়ে। তেওঁক সহযোগ কৰে শিক্ষাবিদ অনিল কুমাৰ গোস্বামীয়ে। সভাৰ আৰম্ভণিতে ভজন পৰিবেশন কৰে অলকা গোস্বামীয়ে। অনুষ্ঠানত ইমদাদুল ৰহমান শইকীয়া, নিৰজ বাছফৰ, তপন গোস্বামীয়ে কবিতা, ভাৰ্গবী শৰ্মাই নৃত্য, পুতুল গোস্বামী, মৃণ্ময়ী গোস্বামীয়ে গীত পৰিবেশন কৰে। আনহাতে বিশিষ্ট সমাজকর্মী, লেখিকা ৰাণী গোহাই আৰু শিকাবিদ অনিল কুমাৰ গোস্বামীয়ে প্ৰয়াত সাহিত্যিক গৰাকীৰ জীৱন আৰু কৃতি সম্পৰ্কে আলোকপাত কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা