২০২১ত অসমৰ পৰা বিদায় ল’ব বিজেপিঃক্ষমতা দখল কৰিব কংগ্ৰেছ মহাজোঁটেঃকৃষ্ণাই ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাত বিধায়ক ৰছিদ আলম

২০২১ত অসমৰ পৰা বিদায় ল’ব বিজেপিঃক্ষমতা দখল কৰিব কংগ্ৰেছ মহাজোঁটেঃকৃষ্ণাই ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাত বিধায়ক ৰছিদ আলম

বিহাৰৰ নিৰ্বাচন কংগ্ৰেছৰ বাবে বিপৰ্যয় নহয় ৷ বিহাৰৰ প্ৰশাসনে বিজেপিক বিপুল ভাবে সহায় কৰিছিল নিৰ্বাচনত ৷ নিৰ্বাচনী আযোগ নিৰপেক্ষ নহ’লে গণতন্ত্ৰ কেতিয়াও জীয়াই নাথাকে ৷ ৰেগিঙৰ বাবেহে বিহাৰত পৰাজিত হল কংগ্ৰেছ ৷ এই মন্তব্য গোৱালপাৰা পূৱ বিধান সভা সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমৰ ৷ গোৱালপাৰা জিলাৰ কৃষ্ণাইত আজি কৃষ্ণাই ব্লক কংগ্ৰেছে আযোজন কৰা কাৰ্যকৰী বৰ্দ্ধিত সভা আৰু যোগদান কাৰ্যসূচীত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বিধায়ক আলমে ৷  বিধায়ক এ কে ৰছিদ আলমে বিজেপি দলক তীব্ৰ সমালোচনা কৰি কয় যে ২০২১ৰ নিৰ্বাচনৰ পিছত অসমৰ পৰা বিজেপি দল নিচ্ছিন্ন হৈ যাব আৰু অসমৰ ক্ষমতা দখল কৰিব কংগ্ৰেছ মহাজোঁটে ৷ আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলটোৱে জিলা খনৰ আটাইকেইটা সমষ্টি দখল কৰিব বুলিও দাবী কৰে বিধায়ক আলমে ৷
আজি দিনৰ প্ৰায় ১১ বজাত কৃষ্ণাই ব্লক কংগ্ৰেছৰ সভাপতি মহম্মদ আলীৰ সভাপতিত্ব আয়োজিত আজিৰ সভাখনত বিধায়ক আলমৰ লগতে দুধনৈ সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক দেৱেন দৈমাৰী, কৃষ্ণাই ব্লক কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ডা° দিলীপ ঘোষ, জ্যেষ্ঠ কংগ্ৰেছী নেতা নুৰ হুছেইনৰ লগতে ভালে কেইজন জেষ্ঠ কংগ্ৰেছ কৰ্মী উপস্থিত থাকে ৷  সভাত বিভিন্ন দলৰ পৰা প্ৰায় ১৫০ লোকে আনুষ্ঠানিক ভাবে কংগ্ৰেছ দলত যোগদান কৰে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

(VDO BYTE দিছোঁ

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা