জাজৰিত সদ্য প্ৰয়াত যুৱ সাংবাদিক মানসজ্যোতি মহন্তক সোঁৱৰণ

 জাজৰিত সদ্য প্ৰয়াত যুৱ সাংবাদিক মানসজ্যোতি মহন্তক সোঁৱৰণ≈≈"মানসৰ স্মৃতিত শাৰদীয় গধূলি" শীৰ্ষক অনুষ্ঠান সম্পন্ন# 

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২ নবেম্বৰঃ সদ্য প্ৰয়াত নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত জাজৰিৰ হেমাৰবড়ি গাঁৱৰ প্ৰতিশ্ৰুতি সম্পন্ন সাংবাদিক, প্ৰকৃতিপ্ৰেমী যুৱক মানস জ্যোতি মহন্তৰ স্মৃতিত দেওবাৰে "মানসৰ স্মৃতিত শাৰদীয় গধূলি" শীৰ্ষক গীত-মাত-কবিতাৰ এক  অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সাংবাদিক দিব্যজ্যোতি বৰুৱাই আঁত ধৰা অনুষ্ঠানটি জনপ্ৰিয় সংগীত শিল্পী জিতু শ্ৰাৱনে পৰিবেশন কৰা সুধাকণ্ঠৰ এটি কালজয়ী গীতেৰে শুভাৰম্ভ কৰা হয়। জাজৰিৰ হেমাৰবড়ি গাঁৱৰ নৈসৰ্গিক পৰিবেশত মুকলি আকাশৰ তলত অনুষ্ঠিত অনুষ্ঠানটিত মানস জ্যোতি মহন্তৰ স্মৃতি ৰোমন্থন কৰি সাংবাদিক গৰাকীৰ পিতৃ মহেন্দ্ৰ মহন্তই শৰৎ ঋতুৰ বৰ্ননাত্মক এক তত্বগধুৰ ভাষন প্ৰদান কৰে । নগাঁও জিলা সাহিত্য সভাৰ উপ সভাপতি থগিত মহন্ত, বেবেজীয়া প্ৰেছ ক্লাৱৰ সভাপতি সমীৰ হাজৰিকা, সম্পাদক প্ৰাঞ্জল বৰদলৈ, শিক্ষক তথা সমাজকৰ্মী বিপুল ৰাজকুমাৰ, শিক্ষক চন্দ্ৰজিৎ দাস, কবি বিকাশ হাজৰিকা, গুনজিৎ কুুমাৰ দাস, ডিম্বেশ্বৰ লাহন, মহিবুল হক আদি কেইবাগৰাকী ব্যক্তিয়ে সাম্প্ৰতিক সময়, প্ৰকৃতি, সংগীত, কবিতা বিষয়ত কৰা মত বিনিময় অনুষ্ঠানটিত শিল্পী কীৰ্তি কৃষ্টি বৰা, চিতাম্মা হাজৰিকা আৰু ৰুনু বৰাই গীত পৰিবেশনেৰে অনুষ্ঠানটিক এক সুকীয়া মাত্ৰা প্ৰদান কৰে । বিয়লি ৪ বজাৰ পৰা নিশা ৮ বজালৈ অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ মাজতে জেষ্ঠ নাগৰিক প্ৰদীপ চন্দ্ৰ মহন্ত, ভূৱনেশ্বৰ হাজৰিকা আৰু অশ্বিনী মহন্তৰ হাতেৰে প্ৰজ্বলিত বন্তিৰ পোহৰত এক দৃষ্টিনন্দন পৰিবেশৰ সৃষ্টি হয়। অনুুষ্ঠানটিত কবি ৰিমঝিম মহন্ত, শিল্পী তৃতীষা ভৰালী, নিপন নাথ, আজাহাৰ উদ্দিন, শিৱান জ্যোতি কাকতি, নাাচিৰ আহমেদকে প্ৰমুখ্য কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা