নগাঁৱৰ কান্ধুলীমাৰিত সোণালী হৰিণ উদ্ধাৰ
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৭ মে’: সমগ্ৰ দেশ তথা ৰাজ্যৰ সৰ্বত্ৰে মহামাৰী কৰ’নাৰ দ্ৰুত সংক্ৰমণে ৰাইজক আতংকিত কৰি ৰখাৰ সময়তে নগাঁও জিলাৰ উত্তৰ প্ৰান্তৰ ধিং থানাৰ এলেকাধীন কান্ধুলীমাৰিত শুকুৰবাৰে এটা সোণালী হৰিণ উদ্ধাৰ কৰা হয় ৷ প্ৰাপ্ত খবৰ মতে, পুৱাৰ ভাগত কান্ধুলীমাৰিত এটা সোণালী হৰিণে মুক্ত বিচৰণ কৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় কেইজনমান লোকে ৷ লগে লগে এই খবৰ সমগ্ৰ অঞ্চলতে বিয়পি পৰাত হৰিণটো প্ৰত্যক্ষ কৰিবলৈ সেই স্থানত বহুলোকৰ সমাগম হয় ৷ ইয়াৰ মাজতে একাংশ লোকে তৎপৰতাৰে হৰিণটো কৰায়ত্ত কৰি ধিং আৰক্ষীক এই সম্পৰ্কে অৱগত কৰে ৷ পিছত ধিং আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজে কৰায়ত্ত কৰা হৰিণটো আৰক্ষীক গতাই দিয়াত আৰক্ষীয়ে হৰিণটো চমজি লৈ পৰবৰ্তী পৰ্যায়ত বন বিভাগক গতাই দিয়ে বুলি জানিব পৰা গৈছে ৷ যি সময়ত ৰাজ্যৰ চৌদিশে এচাম দুষ্ট চক্ৰই গোপনে বন্য পশু-পক্ষী হত্যা কৰি ইয়াৰ মাংস, ছাল, দাঁত, নখ, হাড় আদিৰ চোৰাং ব্যৱসায় চলাই আহিছে, ঠিক তেনে সময়তে কান্ধুলীমাৰিৰ ৰাইজে এনেদৰে বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হৰিণ উদ্ধাৰ কৰি আৰক্ষীক গতাই দি বন্য প্ৰাণী সুৰক্ষাৰ বাবে লোৱা এনে পদক্ষেপক প্ৰকৃতিপ্ৰেমী সচেতন মহলে শলাগ লৈছে ৷
Comments
Post a Comment