অসমীয়াৰ গৌৰৱ বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ আইৰা অসম ৰাজ্যিক সমিতিৰ লগতে AISNA ৰ।

পঙ্কজ নাথ, চাংসাৰি, ১২ মে :

অসমীয়াৰ গৌৰৱ বিশিষ্ট সাহিত্যিক, কথা শিল্পী, সাংবাদিক, গল্পকাৰ, কবি, সমালোচক হোমেন বৰগোহাঞিয়ে আজি পুৱা ৬. ৫৮ বজাত গুৱাহাটীৰ জি এন আৰ চি হাস্পতালত চিকিৎসাধীন অৱস্থাত ইহলীলা সম্বৰণ কৰে । সাহিত্য অকাডেমি বঁটা প্ৰাপক বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত অসমৰ অপূৰণীয় ক্ষতি সাধন হৈছে । ১৯৩২ চনৰ ৭ ডিচেম্বৰত লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম হোৱা এইগৰাকী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,  যশশ্ৰী সাহিত্যিকে অসমীয়া সাহিত্য জগতলৈ অভূতপূৰ্ব অৱদান আগবঢ়াই এক প্ৰকাৰৰ নৱপ্ৰজন্মৰ বাটকটীয়া হিচাপে গুৰি ধৰিছিল। আজি সেই গুৰী ধৰোঁতা মহান ব্যক্তি গৰাকীয়ে ইহ সংসাৰৰ পৰা আকস্মিকতাত পৰলোকলৈ গমন কৰাত ভাৰতবৰ্ষৰ সৰ্ববৃহৎ সাংবাদিক সংগঠন অল ইণ্ডিয়ান ৰিপৰ্টাৰ এছোচিয়েচন চমূকৈ আইৰাৰ অসম ৰাজ্যিক সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে । আইৰা অসম ৰাজ্যিক সমিতিৰ সভাপতি কিৰণ কুমাৰ গগৈ আৰু সাধাৰণ সম্পাদক পঙ্কজ নাথে অসমীয়া জাতিৰ মহীৰূহ হোমেন বৰগোহাঞিৰ মৃত্যু অসমীয়া জাতিৰ বাবে এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰি অসমীয়া জাতিৰ বাবে তেখেতৰ অবদান যুগমীয়া হৈ থাকিব বুলি উল্লেখ কৰিছে । ইফালে অল ইণ্ডিয়া স্মল নিউজপেপাৰ এছোচিয়েচনৰ সভাপতি পণ্ডিত সঞ্জীৱ নাৰায়ণ দাসৰ লগতে অসম আৰু অসমীয়াৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে গঠিত জাতীয় সংগঠন সদৌ অসম উন্নয়ন পৰিষদৰ ৰাজ্যিক সমিতিৰ সভাপতি মৌচুম কুমাৰ উজীৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ কামৰূপ জিলাৰ সমিতিৰ বিষয়ববীয়া দিপাংকৰ শৰ্মায়ো বিশিষ্ট সাহিত্যিক, সাংবাদিক গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি তেখেতৰ শোকসন্তপ্ত পৰিয়াল আৰু আত্মীয়লৈ সমবেদনা জ্ঞাপন কৰি মহীৰূহ গৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা