ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত বিধায়ক ভৱেশ কলিতা

প্ৰতিবেদক , ৰঙিয়া ১৭ মে' :
ৰঙিয়া সমষ্টিবাসী ৰাইজৰ আশীৰ্বাদ লৈ একেৰাহে সমষ্টিটোৰ পৰা দুবাৰকৈ নিৰ্বাচিত হোৱা বিধায়ক ভৱেশ কলিতাই আজি ৰঙিয়া টাউনৰ মাজমজিয়াৰ পাচ নং ৱাৰ্ডত অৱস্থিত ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰখন পৰিদৰ্শন কৰে। এই সময়ছোৱাত বিধায়ক কলিতাই আনটাইড আঁচনিৰ পৰা অননুমোদিত বিশ লাখ টকাৰ নিৰ্মাণ পকীবেৰৰ বাবে আৱন্টিত কামৰ অগ্রগতিৰ বুজ লয়। পৰিদৰ্শনৰ সময়ত ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ নৱ-নির্বাচিত সাধাৰণ সম্পাদক মুকুতানন্দ ভট্টাচার্য্যৰ লগতে জিলা ক্ৰীড়া সন্থাৰ কেইবাগৰাকী বিষয়ববীয়াৰ উপস্থিতত খেলপথাৰখনৰ আন্তঃগাথনিৰ উন্নয়নৰ সম্পর্কে বিভিন্ন আলোচনাত মিলিত হয়।এই আলোচনা কালত জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক ভট্টাচার্য্যই স্হানীয় বিধায়ক কলিতাক খেলপথাৰ খনৰ উত্তৰ দিশত বৰলীয়া নৈৰ গৰাখহনীয়া প্ৰতিৰোধ, পূৱ দিশত অবৈধ বেদখল মুক্ত লগতে খেলপথাৰখনৰ মানদণ্ড উন্নতকৰণ , পেভিলিয়ন, ইণ্ডোৰ গেমচ্ ভৱন, দৰ্শকৰ বাবে গেলাৰী আৰু চুইমিং পুলৰ নিৰ্মাণৰ বাবে যাৱতীয় সকলো ধৰণৰ সহযোগ আগবঢ়াবলৈ বিধায়ক গৰাকীক অনুৰোধ জনায়। এনেক্ষেত্ৰত বিধায়ক কলিতাই তেওঁৰ কাৰ্যকালত উক্ত সমস্যাসমূহ আলোচনা মৰ্মে সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে বিধায়ক গৰাকীয়ে ক্ৰীড়া সন্থাৰ নৱনির্বাচিত কাৰ্যকৰী সমিতিখনলৈ অভিনন্দন জ্ঞাপন জনায় । উল্লেখ্য যে নৱনির্বাচিত বিধায়ক কলিতাক জিলা ক্ৰীড়া সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা আছিল যদিও কালৰূপী কোভিড সংহাৰীৰ বাবে বৰ্তমান সম্বৰ্ধনা অনুষ্ঠান স্থগিত ৰখাৰ কথা জানিবলৈ দিয়ে জিলা ক্ৰীড়া সন্থাৰ সাধাৰন সম্পাদক মুকুতানন্দ ভট্টাচার্য্যই ।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা