ৰঙিয়াত কৰণাৰ ভয়াবহ সংক্ৰমণঃ গণ সংক্ৰমণৰ আশঙ্কাঃএজনৰ মৃত্যু


প্ৰতিবেদক, ৰঙিয়া ৪ মেঃ ক্ৰমাৎ ভয়াবহ পৰিস্থিতিৰ দিশে গতি কৰিছে সমগ্ৰ ৰঙিয়া মহকুমা। আৰক্ষীৰ কিছু নিৰ্লিপ্ততাৰ সুযোগ লৈ একাংশ দায়িত্বজ্ঞানহীন লোকৰ বাবে ৰঙিয়া মহকুমাত গণ সংক্ৰমণৰ আশঙ্কা কৰা হৈছে। বিশেষকৈ ৰঙিয়াৰ বজাৰ সমাৰ তথা ইণ্ডিয়া গেট নামেৰে জনাজাত ৰঙিয়া মিলৰোডৰ বজাৰত অধিকাংশ ক্ৰেতা আৰু বিক্ৰেতাই মাস্ক অবিহনে ঘুৰি ফুৰা পৰিলক্ষিত হোৱাত ৰাইজ চিন্তিত হৈ পৰিছে। অথচ আৰক্ষীয়ে এই ক্ষেত্ৰত কিছু নিৰ্লিপ্ত হৈ থকাত ৰাইজে আৰক্ষীক সমালোচনা কৰা দেখা গৈছে। স্বাস্থ্য বিভাগৰ সূত্ৰ অনুসৰি যোৱা দুদিনত ৰঙিয়া মহকুমাত মুঠ ৬১২ গৰাকী  লোকৰ ৰেপিড এন্টিজেন টেস্ট কৰা হৈছে। ইয়াৰে ৭৩  গৰাকী লোকৰ দেহত কৰনাৰ সংক্ৰমণ ধৰা পৰিছে। আজি ৰঙিয়া কমলপুৰ আৰু বিহদিয়াত  ৩৮৫ জন লোকৰ ৰেপিড এন্টিজেন টেস্ট কৰাত ৫৩ জন লোকৰ দেহত সংক্ৰমণ পোৱা গৈছে। মহকুমাটোত এতিয়াও ৫৬৮ গৰাকী লোকৰ দেহত সংক্ৰমণ সক্ৰিয় হৈ আছে। ইপিনে আজি এজন লোকৰ মৃত্যু হৈছে। স্বাস্থ্য বিভাগৰ সূত্ৰই জনোৱা মতে  কালি ৰঙিয়া বনগাঁও নিবাসী কুশল চৌধুৰীয়ে( ৫৫) ৰঙিয়া অসামৰিক চিকিৎসালয়ত কৰণাৰ পৰীক্ষা কৰাত তেওঁৰ  শৰীৰত কৰণাৰ সংক্ৰমণ ধৰা পৰে। পৰিয়ালৰ অনুৰোধ মৰ্মে তেওঁক ঘৰতে আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা কৰা হয়। কিন্তু ঘৰতে থকা অৱস্থাত তেওঁ আজি উশাহ লোৱাত কষ্ট পায়। লগে লগে তেওঁক পুণৰ চিকিৎসালয়ত আনা হয় যদিও আজি আবেলি চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। ৰঙিয়া অসামৰিক চিকিৎসালত কোভিডত লোক জনৰ মৃত্যু হোৱাৰ বাতৰি বিয়পাৰ লগে লগে ৰঙিয়াত চাঞ্চল্য দেখা দিয়ে। তেওঁৰ নশ্বৰ দেহ কোভিডৰ নীতি নিয়মৰ মাজেৰে পি পি কিট পৰিধান কৰি অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ বাবে যাবতীয় ব্যৱস্থা কৰা হৈছে বুলি চিকিৎসালয় সূত্ৰত জনা গৈছে।

প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা