কৰ’না মুক্ত হ’ল কৃষ্ণাইৰ ভেলাখামাৰ

গোৱালপাৰাত  কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই থকাৰ সময়তে কৰ’না মুক্ত হ’ল এখন গাওঁ ৷ গাওঁ খন হৈছে কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত ভেলাখামাৰ ৷ এই গাওঁখনত একেটা পৰিয়ালতে তিনি গৰাকী লোক আক্ৰান্ত হৈছিল মহামাৰী কৰ’নাত ৷ হাৰিমুৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰেপিড টেষ্ট কৰাৰ সময়তে এই লোক কেই গৰাকীৰ দেহত কৰ’না পজিটিভ ধৰা পৰিছিল যোৱা ১ মে তাৰিখে ৷ আক্ৰান্ত লোক কেইগৰাকী আছিল দিলীপ ৰায়,তেঁৱৰ ঘৈণীয়েক জুনুমাই কলিতা আৰু বায়েক মাধুৰী ৰায় ৷ ইয়াৰ পিছতে বিগত চৈধ্য দিনে পৰিয়ালটোক হোম আইছ’লেচনত ৰখাৰ দিহা কৰে স্বাস্থ্য বিভাগে ৷ আজি তেওঁলোকৰ হোম আইছ’লেচনৰ কাল সামৰণি পৰাত স্বাস্থ্য বিভাগে পৰিয়ালটোৰ পুণৰ স্বাস্থ্য পৰীক্ষা কৰে ৷ পৰীক্ষাত পৰিয়ালটোৰ আটাই কেইগৰাকী সদস্যৰে কৰ’না নিগেটিভ ওলোৱাত পৰিয়ালটোৰ লগতে গাওঁবাসীয়ে স্বস্তিৰ নিশ্বাস পেলাইছে ৷ সম্প্ৰতি গাওঁ খনত এজনো কৰ’না ৰোগী নথকা বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা