বটদ্ৰৱাৰ ১৮৮ কোটি টকীয়া প্ৰকল্পৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৯ মে’: ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দৰে গুৰু দায়িত্ব বহন কৰাৰ পিছত শুকুৰবাৰে পোন প্ৰথমবাৰৰ বাবে অসমীয়া কলা-কৃষ্টি-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমিত পদাৰ্পণ কৰে ড° হিমন্ত বিশ্ব শৰ্মা ৷ পুৱাৰ ভাগত মুখ্যমন্ত্ৰী গৰাকী হেলিকপ্তাৰযোগে উপস্থিত হৈ বটদ্ৰৱাৰ আকাশী গংগাৰ তীৰৰ বেদখল মূক্ত ভূমিত নিৰ্মিয়মান ১৮৮ কোটি টকাৰ ব্যয়বহুল সাংস্কৃতিক প্ৰকল্পস্থলী পৰিদৰ্শন কৰে ৷ প্ৰকল্পটোৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগত বটদ্ৰৱা থানখন  জাকত জিলিকে কৰি তোলাৰ বাবে হাতত লোৱা বৃহৎ প্ৰকল্পৰ সন্দৰ্ভত আলোচনা কৰে মুখ্যমন্ত্ৰী ড° শৰ্মাই ৷ কৰ’নাকে ধৰি বিভিন্ন সমস্যাৰ বাবে নিৰ্মাণৰ কাম স্থবিৰ হৈ পৰা উক্ত প্ৰকল্পৰ কাম আগন্তুক দুইবছৰৰ ভিতৰত প্ৰায় সম্পুৰ্ণ হৈ উঠিব বুলি থান পৰিচালনা সমিতিক আশ্বাস প্ৰদান কৰে । এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী, বটদ্ৰৱাৰ কংগ্ৰেছৰ বিধায়িকা শিৱামনি বৰা, প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা, নগাঁও জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভন, নগাঁও জিলা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ, বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামী, শলগুৰি সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ নাৰায়ণ দেৱমহনন্ত, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্ৰমোহন বৰুৱা, লোক নিৰ্মান বিভাগৰ বিষয়া, গড়কাপ্তানি বিভাগৰ বিষয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াসকল উপস্থিত থাকে ৷
===================
 প্ৰেৰকঃ জয়ন্ত মুদৈ

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা