বজালীত যুৱ-ছাত্ৰ পৰিষদৰ স্মাৰক পত্ৰ প্ৰদান

সঞ্জীৱ দাস, বজালী, ১৭ মে': আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিয়ে কৃষিজাত সামগ্ৰী (ৰাসায়নিক সাৰ) ৰ অত্যাধিক মূল্যবৃদ্ধি ৰোধ কৰা, মাটিৰ খাজনা সম্পূৰ্ণ ৰেহাই দিয়া আৰু গৰম বন্ধৰ পাছত যদি চৰকাৰী বিদ্যালয়সমূহ নোখোলে, তেন্তে ব্যক্তিগত বিদ্যালয়ৰ দৰে চৰকাৰী বিদ্যালয়তো ছাত্ৰ-ছাত্ৰীক অনলাইন মাধ্যমৰ জৰিয়তে শিক্ষা  প্ৰদান কৰাৰ দাবীত বজালী জিলা উপায়ুক্তৰ  জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ এখন প্ৰেৰণ কৰে। উল্লেখ্য যে, সম্প্ৰতি ক'ৰোনা মহামাৰীৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ ফলত কৃষকসকল আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষ ক্ষতি হোৱাৰ পৰিপ্ৰেক্ষিতত আজি অসম জাতীয়তাবাদী যুৱ- ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিৰ সভাপতি বাবুল আলী আহমেদ আৰু সাধাৰণ সম্পাদক লক্ষেশ্বৰ দাস স্বাক্ষৰিত এই স্মাৰক পত্ৰখন মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা