নৱনিৰ্বাচিত মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ মন্ত্ৰী সভালৈ শুভেচ্ছা জ্ঞাপন অল ইণ্ডিয়ান ৰিপৰ্টাৰ এছোচিয়েচনৰ অসম ৰাজ্যিক সমিতিৰ

পঙ্কজ নাথ, চাংসাৰি, ১১ মে:

ভাৰতবৰ্ষৰ বৃহৎ সাংবাদিক সন্থা অল ইণ্ডিয়ান ৰিপৰ্টাৰ এছোচিয়েচন চমূকৈ আইৰাৰ অসম ৰাজ্যিক সমিতিয়ে ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে আন ১৩ জন মন্ত্ৰীয়ে একেলগে শপত গ্ৰহণ কৰা কাৰ্যক অভিনন্দন জনাই আটাইলৈ শুভেচ্ছা ও শুভকামনা জ্ঞাপন কৰিছে । আইৰাৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি কিৰণ কুমাৰ গগৈ আৰু সাধাৰণ সম্পাদক পঙ্কজ নাথে এক বিবৃতিৰ জৰিয়তে ‘ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে ৰাজ্যবাসীৰ আশা আকাংক্ষা পূৰণ কৰাত সফল হ’ব বুলি আশা প্ৰকাশ কৰাৰ লগতে উল্লেখ কৰে যে, বর্তমান মূল বিষয়টোৱেই হৈছে ৰাজ্যখনত সংক্রমিত হোৱা ক’ৰণা মহামাৰী নিয়ন্ত্ৰণৰ বাবে চৰকাৰে অতি সক্রিয়তাৰে যথোচিত ব্যৱস্থা গ্ৰহণ কৰা । সাংবাদিক সকলে আজিলৈ সন্মূখীন হৈ অহা বিভিন্ন সমস্যা সমূহ সমাধানৰ লগতে সাংবাদিকৰ সুৰক্ষাৰ বাবে এক সুকীয়া আইন প্ৰণয়নৰ ক্ষেত্ৰত আগভাগ লবলৈ নতুন ৰাজ্য চৰকাৰ খনলৈ আহ্বান জনাইছে সাধাৰণ সম্পাদক পঙ্কজ নাথে। ইয়াৰ লগে লগে কেইবা দশক ধৰি ৰাজ্যবাসীয়ে সন্মুখীন হৈ অহা জাতীয় সমস্যাসমূহৰ ক্ষেত্ৰতো দৃঢ় ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে সাধাৰণ সম্পাদক গৰাকীয়ে । এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুতকৰণৰ ক্ষেত্ৰত নতুন চৰকাৰে আগভাগ লোৱাৰ লগতে ৰাজ্যখনৰ অস্বাভাবিকভাৱে বৃদ্ধি হোৱা অত্যাবশ্যকীয় সা-সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো ৰাজ্যবাসীয়ে আশা কৰাৰ দৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱাৰ উপৰিও ৰাজ্যখনৰ বৰ্দ্ধিত নিবনুৱা সমস্যা সমাধানৰ লগতে নির্বাচনী প্ৰতিশ্ৰুতি সমূহ পালন কৰাৰ ক্ষেত্ৰতো অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনায় আইৰাৰ অসম ৰাজ্যিক সভাপতি আৰু সাধাৰণ সম্পাদক গৰাকীয়ে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা