কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তৰ কাছুমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাঃ নিহত ২ যুৱকঃআহত ২
গোৱালপাৰা জিলাৰ কৃষ্ণাই আৰক্ষী থানাৰ অন্তৰ্গত তথা অসম মেঘালয় সীমান্তৱৰ্তী কাছুমাৰিত যোৱা নিশা এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই দুৰ্ঘটনাত দুজন যুৱক থিতাতে নিহত হোৱাৰ বিপৰীতে আন দুই যুৱক গুৰুতৰ ভাৱে আহত হয় ৷
নিহত দুই যুৱক হৈছে ক্ৰমে জিৰাৰ
দীপাংকৰ ৰাভা ( ৩৬ ) আৰু পল্লৱ ৰাভা (৩৬) ৷ দীপাংকৰ ৰাভা
জিৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আছিল বুলি জানিব পৰা গৈছে ৷ আনহাতে,আহত য়ুবক দুজন হৈছে ক্ৰমে ছটো মাটিয়াৰ বটাসিং ৰাভা ( ৩১) আৰু ঢেকীয়াবাৰীৰ বিষণ ৰাভা ( ৩৫ )। নিহত সকলক ইতিমধ্যে মৰোণত্তৰ পৰীক্ষাৰ বাবে গোবালপাৰা চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে আহত দুজনক চিকিৎসালয়ত ভৰ্তি কৰায় আৰক্ষীয়ে ৷ জানিব পৰা মতে, যোৱা নিশা এক
বিবাহ অনুষ্ঠানৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই যুৱক সকলে ব্যৱহাৰ কৰা চাৰি চকীয়া বাহনখনে কাছুমাৰীৰ ঘাইপথৰ কাষতে থকা বিদ্যুৎ পৰিবাহী খুঁটা এটাত খুন্দা মৰাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হয় ৷
কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,First News Report
Comments
Post a Comment