গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকৰ ভেকচিনেশ্বন কেম্প, হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ১০০ সাংবাদিকক ভেকচিন প্ৰদান
গুৱাহাটী প্ৰেছ ক্লাৱৰ স্মাৰক পত্ৰৰ পিছতেই তৎপৰ চৰকাৰ, ১৮-৪৪ বছৰ বয়সৰ সাংবাদিকক প্ৰদান কৰা হয় ক'ভিড-১৯ৰ ভেকচিন**
৫ মে' ২০২১,গুৱাহাটী: গুৱাহাটী প্ৰেছ ক্লাবত ১৮-৪৪ বছৰ বয়সৰ সাংবাদিকক গুৱাহাটী প্ৰেছ ক্লাবত দিয়া হয় ক'ভিড ভেকচিন। পুৱা ৯.৩০ মিনিটৰ পৰা আৰম্ভ হোৱা ভেকচিনেচন কেম্পত অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে প্ৰথম পৰ্যায়ত ১০০ জন সাংবাদিকক দিয়া হয় ক'ভিড ভেকচিন। মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আৰম্ভ কৰা হয় সাংবাদিকৰ ক'ভিড ভেকচিন কেম্প। উল্লেখযোগ্য যে গুৱাহাটী প্ৰেছ ক্লাৱৰ কাৰ্যকৰী সমিতিয়ে সাংবাদিকক ভেকচিন প্ৰদানৰ আহ্বানেৰে ৰাজ্য চৰকাৰলৈ প্ৰদান কৰা স্মাৰক পত্ৰৰ পিছতেই চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ। ৭ মে'ৰ পৰা আৰম্ভ হোৱা ১৮-৪৪ বছৰ বয়সলৈ ভেকচিনেশ্বন কেম্পৰ প্ৰথম কেম্প গুৱাহাটী প্ৰেছ ক্লাব। সাংবাদিকক সমুখৰ শাৰীৰ যোদ্ধাৰূপে স্বীকৃতি দি ভেকচিন প্ৰদানৰ ব্যৱস্থা হাতত লোৱা বাবে চৰকাৰ তথা স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ যাছিলোঁ কৃতজ্ঞতা। বিভিন্ন খবৰৰ সন্ধানত যিসকলে সমুখৰ পৰা যুজঁ দি আহিছে অৰ্থাৎ যিসকলে বিভিন্ন স্থানলৈ গৈ বা-বাতৰি সংগ্ৰহ কৰিছে, সেইসকল সাংবাদিক,ফটো সাংবাদিক,ভিডিঅ' জাৰ্ণালিষ্টকহে প্ৰাধান্য দিয়া হয় প্ৰথম পৰ্যায়ৰ ভেকচিনত।
Comments
Post a Comment