ড০ হিমন্ত বিশ্ব শৰ্মা মূখ্যমন্ত্ৰী হোৱাত জালুকবাৰী সমষ্টিৰ ৰাইজৰ মাজত আনন্দৰ জোৱাৰ

পঙ্কজ নাথ, চাংসাৰি, ৯ মে:

বিধানসভা নিৰ্বাচনৰ ফলাফল ২ মেত ঘোষণা হৈ আজি এসপ্তাহে চলি থকা উৎকণ্ঠাৰ অন্তত ড০ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে কেন্দ্ৰীয় নেতৃত্বই আজি দিছপুৰত বিধায়নী দলৰ সভাত আনুষ্ঠানিক ঘোষণা কৰে। কালি সোমবাৰে কলাক্ষেত্ৰত ৰাজ্যৰ পঞ্চদশ মূখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই। এই কথা আনুষ্ঠানিক ভাবে ঘোষণা হোৱাৰ পিছতে আনন্দত আত্মহাৰা হৈ পৰে জালুকবাৰী সমষ্টিৰ অন্তৰ্গত বিভিন্ন ঠাইৰ অধিকাংশ ৰাইজে। ইমানদিনে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে পোৱাৰ সপোন পুহি ৰখা একাংশই আজিৰ এই খবৰ আহি পৰাৰ লগে লগে উৎফুল্লিত হৈ পৰিল। বাইহাটা চাৰিআলি, শালমাৰা, গোগ, ভোমোলাহাটী, বেজেৰা, মান্দাকাটা, , উত্তৰ গুৱাহাটী আদি সমষ্টিটোৰ বিভিন্ন ঠাইত ড০ হিমন্ত বিশ্বৰ সমৰ্থকে ৰাইজৰ মাজত মিঠাই আদি বিতৰণ কৰাৰ লগতে নাচি বাগি আনন্দ কৰে ৷ আজি উৎফুল্লিত জালুকবাৰী সমষ্টিৰ একাংশ ৰাইজে ফটকা-ফুলজাৰিৰে আকাশ বতাহ কঁপাই তুলি আবতৰীয়া দিপাবলী পালন কৰা পৰিলক্ষিত হয়। 
পংকজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা