লাহৰীঘাটত দুৰ্বৃত্তৰ আক্ৰমনত শিক্ষক গুৰুতৰ ভাবে আহত

মৰিগাৱঁ জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ  অৰ্ন্তগত দোৱামাৰী গাৱঁৰ তথা দাতিয়াল বড়ী হাই মাদ্ৰাছাৰ শিক্ষক আবু ছায়েতক চাৰি জনীয়া দুৰ্বৃত্ত দলে নিশা চুকা অস্ত্রৰে আঘাত কৰি গুৰুতৰ ভাবে  আহত কৰে। 
জানিব পৰা মতে,শিক্ষক জনে নিশা পেচাব কৰিব কাৰনে ঘৰৰ পৰা  বাহিৰত ওলাই যোৱাত  অাইজুল হক,নুৰমাহাম্দ, মজিবুৰ ৰহমান আৰু মাইনুল হক এই চাৰি -পাঁচজনীয়া অস্ত্রদাৰী দুৰ্বৃত্তই শিক্ষক জনক চুকা অস্ত্রৰে আঘাত কৰি গুৰুতৰ ভাবে জখম কৰে।ওচৰ চুবুৰীয়া আৰু পৰিয়ালে চিঞৰ -বাখৰ শুনি ঘটনা স্হলিৰ পৰা উদ্ধাৰ কৰি নিশাই লাহৰীঘাট  মহাত্মা গান্ধী আৰ্দশ চিকিৎসালয়ত ভৰ্ত্তী কৰাই যদিও স্বাস্হ্য  অধিক  সংকটজনক  হোৱাৰ বাবে চিকিৎসকে গুৱাহাটী লৈ প্ৰেৰণ কৰে। শিক্ষক জনৰ পৰিয়ালৰ লোকে জনোৱা মতে,বৰ্তমান  গুৱাহাটী ADVANCE NEUROSECIENCE  HOSPITALৰ ICU ত  চিকিৎসাধীন হৈ আছে। 
ঘটনা সৰ্ন্দভত পৰিয়ালৰ লোকে লাহৰীঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।
ঘটনা সৰ্ন্দভত স্হানীয় ৰাইজে জনোৱা মতে, দীৰ্ঘ দিনিয়া ভূমি বিবাদৰ বাবেই শিক্ষক আবু ছায়েদ দুৰ্বৃত্তৰ  আক্ৰমনৰ বলি হৈছে বুলি জনাই।
লাহৰীঘাটৰ পৰা আফতাপ হুছেইনৰ ৰিপোৰ্ট 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা