বজাৰ বন্ধৰ ফলত নগাঁৱৰ গ্ৰামাঞ্চলৰ পাচলি খেতি বিনষ্ট≈≈মুৰে কপালে হাত দিছে দুৰ্ভগীয়া কৃষকে

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১ জুনঃ মাৰাত্মক কৰ’না ভাইৰাছৰ প্ৰতিৰোধৰ হেতু সমগ্ৰ ৰাজ্যতে বলৱৎ থকা চৰকাৰী বিভিন্ন নীতি-নিৰ্দ্দেশনাৰ লগতে বজাৰসমূহ বন্ধ হৈ থকাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাৰ পশ্চিমাঞ্চলত বহু হেক্টৰ পাচলি খেতি বিনষ্ট হৈছে ৷ ফলত মুৰে কপালে হাত দিছে কৃষকসকলে ৷ উল্লেখ্য, নগাঁৱৰ পশ্চিম প্ৰান্তৰ ডুমডুমীয়া, ধিং আৰু বটদ্ৰৱাৰ শাক পাচলিৰ বজাৰ কেইখন জিলাখনৰ ভিতৰতে বৃহত্তম পাইকাৰী বজাৰ হিচাপে পৰিচিত ৷ প্ৰকাশ যে, পশ্চিম নগাঁৱৰ কৃষক সকলে ধান, মৰাপাট, সৰিয়হ আদিৰ উপৰি হাড়ভগা পৰিশ্ৰমেৰে শীত আৰু জহকালীন প্রতিবিধ শাক-পাচলি উৎপাদন কৰি স্থানীয় ৰাইজৰ লগতে চহৰাঞ্চলত প্রয়োজন পূৰণ কৰি আহিছে । জিলাখনৰ ডুমডুমীয়া, আলিটাঙনী, ধিং, বালিসত্র, কদমনি, ধূপগুৰি, শিঙাৰী, জাজৰি, কুঁজি, দলংঘাট, বটদ্রৱা, টুকটুকী, ভোমোৰাগুৰি আদি অঞ্চলৰ উপৰিও চৰ-চাপৰি অঞ্চলৰ কৃষক সকলেও নানা বিধৰ শাক-পাচলি উৎপাদন কৰি ৰাইজৰ দৈনন্দিন জীৱনৰ প্রয়োজন পূৰন কৰাৰ ক্ষেত্রত যথেষ্ট অৰিহণা যোগাই আহিছে । আনকি উক্ত অঞ্চলবোৰৰ পৰাই দৈনিক প্রায় দহ ট্রাক শাক পাচলি উজনি অসমৰ শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া, ডিব্রুগড়, গোলাঘাট আদি জিলালৈ সৰবৰাহ কৰি অহা হৈছে ৷ সেয়ে কৃষক সকলে উচ্চ হাৰত উন্নত মানৰ বীজ, বিভিন্ন ধৰনৰ ৰাসায়নিক সাৰ, কীটনাশক ক্রয় কৰি বহু কষ্টৰে কৃষিকাৰ্য সম্পাদন কৰি আহিছে ৷ তদ্ৰুপ এইবাৰো এই কষ্টসহিষ্ণু কৃষকসকলে বহু আশাৰে জিকা, বেঙেনা, ভেন্দী, তিয়হ, ভাত কেৰেলা, ধুন্দুলি, লেচেৰী, পটল, জলকীয়া, বিলাহী, কেৰেলা, স্কুৱাছ, ৰঙালাও আদি খেতি কৰিছিল যদিও বৰ্তমান কৰ’নাৰ জটিল পৰিস্থিতিৰ বাবেই হাট-বজাৰ আদি বন্ধ থকাত কৃষকসকল ব্যাপক সমস্যাৰ সন্মুখিন হৈছে ৷ কিয়নো পুৰঠ হোৱা পাচলিবোৰ চিঙিব নোৱাৰাত এইবোৰ গছতে শুকাই যোৱাৰ উপক্ৰম ঘটাৰ বিপৰীতে বহু পৰিমাণৰ পাচলি পথাৰতে গেলি-পচি গৈছে ৷ ফলত এইদৰে বহু কষ্টৰে কৰা পাচলিবোৰ নষ্ট হৈ যাব ধৰাত কৃষকসকল দুশ্চিন্তাত পৰিছে ৷ এইক্ষেত্ৰত  চৰকাৰে বিষয়টো অনুধাবন কৰি তৎকালে এই কৃষকসকল উপকৃত হ’ব পৰাকৈ এক কাৰ্যকৰী পদক্ষেপ হাতত ল’বলৈ ভুক্তভোগী কৃষকসকলে অনুৰুধ জনাইছে ৷ 
================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা