নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক মুছলিম ছাত্ৰ সন্থা, অসমৰ আদৰণি

বিভিন্ন সমস্যাৰ ওপৰত আলোচনা
 নগাওঁ, ১৮ মেঃ 

আজি নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক  আনন্দ মিশ্ৰক  মুছলিম ছাত্ৰ সন্থা, অসমৰ এটি সজাতি দলে সাক্ষাৎ কৰি আদৰণি  জনায় । নৱ নিয়ুক্ত আৰক্ষী অধীক্ষক জনৰ লগত নগাওঁ জিলাৰ কিছুমান জলন্ত সমস্যা  বিশেষকৈ মদ, ভাং, লিকু, ড্ৰাগ বিক্ৰেতা আদিৰ আলোচনা কৰে মুছলিম ছাত্ৰ সন্থা, অসমৰ সজাতি দলটিয়ে   । নৱ নিয়ুক্ত আৰক্ষী অধীক্ষ জনে  কঠোৰ ব্যৱস্থা লৱ বুলি আশ্বাস প্ৰদান কৰে । মদ, ভাং, লিকু, ড্ৰাগ সেৱনৰ ফলত যুৱ সমাজ ধ্বংসৰ পথত গৈ আছে বুলি কয় মুছলিম ছাত্ৰ সন্থা, অসমৰ সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানীয়ে আৰু কয় অন্যায়ৰ  বিৰুদ্ধে মুছলিম ছাত্ৰ সন্থা, অসম সদায় মাত মাতি যাব ।  সজাতি দলটিত থাকে মুছলিম ছাত্ৰ সন্থা, অসমৰ সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানী, নগাওঁ জিলা  সমিতিৰ উপদ্ৰেষ্টা নাছিৰ উদ্দিন, সভাপতি মোকছিদুল ইছলাম, সম্পাদক নজৰুল ইছলাম ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা