ৰঙিয়াত আজি ৩৮ জন কোভিট আক্ৰান্তঃ দৈনিক আৰু সাপ্তাহিক বজাৰ বন্ধ

প্ৰতিবেদক, , ৰঙিয়া ৮ মেঃ ৰঙিয়া মহকুমাত প্ৰত্যেকদিনেই কোভিড আক্ৰান্তৰ সংখ্যা দ্ৰুত গতিত ভয়াবহ ভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাইজৰ মাজত এক উদ্বেগ জনক পৰিস্থিতি বিৰাজ কৰিছে। অৱশ্যে সমান্তৰাল ভাৱে কোভিডৰ প্ৰতিষেধক আৰু কোভিড পৰীক্ষা অব্যাহত আছে। আজি ৰঙিয়া অসামৰিক চিকিৎসালয়ত ৬২  জনৰ ৰেপিড এন্টিজেন টেস্ট কৰাত বালিসত্ৰৰ একেই পৰিয়ালৰ পাঁচ জন সহ ১৫ জনৰ দেহত সংক্ৰমণ ধৰা পৰে। খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰেপিড এন্টিজেন টেস্টৰ অধীনত আজি ১৮ গৰাকী লোকৰ দেহত সংক্ৰমণ ধৰা পৰে। আনহাতে ৰঙিয়া ৰেল স্টেচনত বহিঃৰাজ্যৰ পৰা ৰেলেৰে  অহা যাত্ৰী সকলৰ পৰীক্ষাও অবিৰত ভাৱে চলি আছে। ৰেল ষ্টেচনত আজি ১৪৮ গৰাকী যাত্ৰীৰ ৰেপিড এন্টিজেন টেস্ট আৰু ১৩৫ গৰাকী যাত্ৰীৰ আৰটিপিচিআৰ পৰীক্ষা কৰাত ৫ জনৰ দেহত সংক্ৰমণৰ অৱস্থিতি ধৰা পৰিছে। ফলত আজিৰ দিনটোত ৰঙিয়াত মুঠ ৩৮ গৰাকী লোক কোভিডত আক্ৰান্ত হৈছে।  ৰঙিয়াত সৰ্বমুঠ 
কোভিড আক্ৰান্তৰ সংখ্যা ৩৬০ লৈ বৃদ্ধি পাইছে। আক্ৰান্ত সকলৰ   কেবাজনক হাজোৰ কলিতাকুচি  কোভিড চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বাকী কেইজনক ঘৰতে আছুতীয়া কৈ ৰখাৰ ব্যৱস্থা কৰা হৈছে। 
 ইপিনে ৰঙিয়া মহকুমাত সক্ৰিয় কোভিড আক্ৰান্তৰ সংখ্যা হল ৫৭৯। কালিৰ দিনটোত ৰঙিয়া মহকুমাত ৪৮২ জনৰ ৰেপিড এন্টিজেন টেস্ট কৰাত ৮০ জনৰ দেহত কৰ'নাৰ সংক্ৰমণ ধৰা পৰিছে। ৰঙিয়া মহকুমাত কোভিড আক্ৰান্তৰ সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা ৰঙিয়া মহকুমাৰ সকলো দৈনিক  সাপ্তাহিক আৰু অৰ্ধ সাপ্তাহিক 
 বজাৰ বন্ধ কৰি দিয়া হৈছে। অহা ২০ মেলৈ এই নিৰ্দেশ বলবৎ থাকিব বুলি মহকুমা প্ৰশাসনৰ তৰফৰপৰা জনোৱা হৈছে। চৰকাৰী নিৰ্দেশনা অমান্য কৰা লোক সকলৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সকিয়াই দিছে। ইপিনে সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়া মহকুমাত সন্ধিয়া ৬ বজাৰ পৰা বলবৎ হোৱা নৈশ সান্ধ্য আইনৰ সময়ত  বিনা কাৰনতে বাহিৰলৈ ওলাই অহা  লোক সকলৰ বিৰুদ্ধে আৰক্ষী প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নিশা আৰক্ষী বিষয়া ৰতন দাসৰ নেতৃত্বত ৰঙিয়া আৰক্ষীয়ে চহৰত বিভিন্ন ঠাইত তালাচী চলোৱা আৰম্ভ কৰিছে। ইপিনে ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালে ৰঙিয়া মহকুমাৰ সকলো ৰাইজক কোভিডৰ নীতি নিয়ম কঠোৰ ভাৱে মানি চলিবলৈ আহ্বান জনাইছে। তেওঁ ৰাইজক বাধ্যতামূলক ভাৱে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বজায় ৰাখি কৰণাক পৰাস্ত কৰিবলৈ অনুৰোধ জনায়।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা