গৰাইমাৰীৰ আই নৈৰ চৰৰ পৰা বাৰ্মিজ চুপাৰিৰ সন্দেহত ৫১ বস্তা চুপাৰি জব্দ

অবৈধ চুপাৰিৰ বেহাৰ বিৰুদ্ধে বঙাইগাঁও আৰক্ষীয়ে অব্যাহত ৰাখিছে ধাৰাবাহিক অভিযান

 বঙাইগাঁওঃ ৩০ মেঃ বঙাইগাঁও আৰক্ষীয়ে অবৈধ চুপাৰিৰ বেহাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ এই অভিযানৰ অংশ হিচাপে দেওবাৰে পুনৰ বঙাইগাঁও জিলাৰ গৰাইমাৰীৰ আই নৈৰ চৰত  বঙাইগাঁও আৰক্ষীয়ে অভিযান চলায় ৷ বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতি লাহনৰ নেতৃত্বত দিনৰ প্ৰায় ১২ বজাত আৰক্ষীৰ দলে আমিৰ হুছেইন বানিয়াৰ গৃহত চলোৱা অভিযানত বাৰ্মিজ চুপাৰি সন্দেহত ৫১ বস্তা চুপাৰি জব্দ কৰে ৷ আৰক্ষীয়ে গৃহটোত অভিযান চলোৱাৰ সময়ত আমিৰ হুছেইন বানিয়া গৃহত নাছিল ৷ আৰক্ষীয়ে জব্দকৃত চুপাৰিসমূহ পিছত থানালৈ লৈ আহে ৷ ইপিনে স্থানীয় ব্যক্তি তথা ব্যৱসায়ী সকলে জব্দকৃত চুপাৰি খিনি থলুৱা চুপাৰি বুলি দাবী কৰিছে ৷ অৱশ্যে আৰক্ষীয়ে জব্দকৃত চুপাৰিখিনি বাৰ্মিজ চুপাৰি নে স্থানীয় চুপাৰি সেয়া তদন্তৰ পিছতহে পোহৰলৈ আহিব যদিও বৰ্তমান জিলাই জিলাই আৰক্ষীয়ে অবৈধ চুপাৰি ,ড্ৰাগছ, গাঞ্জা আদিৰ বিৰুদ্ধে অব্যাহত ৰখা ধাৰাবাহিক অভিযানত অবৈধ ব্যৱসায়ীসকলে থৰকাচুটি হেৰুৱাইছে ৷ সেয়ে সচেতন মহলে আৰক্ষীক এনে অভিযান অব্যাহত ৰাখি অবৈধ বেহাৰ লগত জড়িতসকলক কৰায়ত্ব কৰি চলি থকা অবৈধ বেহাসমূহ উৎখাত কৰিবলৈ দাবী জনাইছে ৷

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা