সান্ধ্য আইনৰ সুবিধা লৈ বটদ্ৰৱাত গৰু চোৰৰ উপদ্রৱ। গোহালি উদং কৰি চুৰি কৰি লৈ গ'ল প্ৰায় ডেৰ লক্ষাধিক টকা মূল্যৰ তিনিটা গৰু

নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত শলগুৰি সত্ৰৰ গোপাল কলিতা নামৰ লোকজনৰ  গোহালিৰ গ্ৰিল ভাঙি শনিবাৰে নিশা প্ৰায়  ডেৰ লক্ষাধিক টকা মূল্যৰ দুজনী গাভিনী গাই, এটা দমৰা গৰু লৈ উধাও হয় চোৰে । উল্লেখ্য যে, সান্ধ্য আইন চলি থকাৰ সময়তে ,  আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ  নিষ্ক্ৰিয়তাৰ সুযোগ লৈ  গৰু চুৰি হোৱাৰ ঘটনাই ৰাইজ শংকিত হৈ পৰিছে। ইতিমধ্যে গোপাল কলিতাই গৰু চুৰি হোৱাৰ  সন্দৰ্ভত বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ।

মৈৰাবাৰীৰ পৰা নছিদুৰ ৰহমান।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা