বঙাইগাঁও অসামৰিক চিকিৎসালয়ত শীঘ্ৰে সাজু হৈ উঠিব ২০ খন বিচনাযুক্ত আই চি ইউ
জিলাখনত বৰ্তমানলৈকে কৰা হৈছে ৯২,৩৩৪ ৰ অধিক ক'ভিড টেষ্ট
অধিকাংশ প'জিটিভ ব্যক্তি আছে হোম কোৱাৰেণ্টাইনত
বঙাইগাঁওঃ ৫ মে ঃ ক'ৰোনা মহামাৰীৰ দ্বিতীয় ঢৌয়ে ইতিমধ্যে বঙাইগাঁও জিলাতো ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ জিলাখনত দৈনিক ক'ৰোনাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই থকাৰ লগতে ক'ৰোনাৰ বাবেই ইতিমধ্যে আন জটিলতাত ভুগি থকা কেইবাজনো ব্যক্তিৰ মৃত্যু হৈছে ৷ ইপিনে জিলাখনৰ শেহতীয়া ক'ৰোনা পৰিস্থিতি সন্দৰ্ভত বুধবাৰে জিলা উপায়ুক্তই এখন সংবাদ মেলৰ আয়োজন কৰে ৷ জিলা উপায়ুক্ত কাৰ্যালয় প্ৰাংগণত আয়োজন কৰা সংবাদ মেলত জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই জিলাখনৰ শেহতীয়া ক'ভিড পৰিস্থিতি , জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থা আদিৰ বিষয়ে উল্লেখ কৰে ৷ জিলা উপায়ুক্তগৰাকীয়ে সংবাদ মেলত কয় যে ক'ৰোনাৰ প্ৰথম ঢৌত জিলাখনলৈ বহিঃ ৰাজ্যৰ পৰা পাঁচ হাজাৰমান লোক ঘূৰি আহিছিল আৰু তাৰ ভিতৰত তথা সকলো মিলি জিলাখনত চাৰি হাজাৰৰ অধিক লোক ক'ভিডত আক্ৰান্ত হৈছিল ৷ সেইদৰে সাতজন লোকৰ ক'ভিডত মৃত্যু হৈছিল ৷ আনহাতে ক'ৰোনাৰ দ্বিতীয় ঢৌ আৰম্ভ হোৱাৰ পৰা বৰ্তমানলৈকে জিলাখনত মুঠ ৯২,৩৩৪ টা ক'ভিড টেষ্ট কৰা হৈছে আৰু তাৰ ভিতৰত ৮৮৫ জন ব্যক্তিৰ দেহত ক'ভিড পজিটিভ পোৱা গৈছে ৷ জিলাখনত ক'ভিডত আক্ৰান্ত সক্ৰিয় ৰোগী আছে ৫৬২ জন ৷ বেছিভাগ লোকেই হোম কোৱাৰেণ্টাইনত আছে ৷ জিলাখনত বৰ্তমানলৈ দুগৰাকী ব্যক্তিৰ ক'ভিডত মৃত্যু হোৱাতো নিশ্চিত হৈছে ৷ ইয়াৰে এগৰাকী অবলা দেৱী(৭৭) আৰু আনজন সুব্ৰত কুমাৰ দে( ৫৪) ৷ জিলাখনত দৈনিক ২,৩০০ ৰ পৰা ২,৫০০ লৈকে ক'ভিড টেষ্ট কৰি থকা হৈছে ৷ জিলাখনৰ ভিতৰত নিউ বঙাইগাঁও ৰে'লৱে জংচন থকাত তাত অধিক টেষ্টিং কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে ৷ সেইদৰে ভাওলাগুৰী , অভয়াপুৰী নগৰ আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অধীনৰ অঞ্চলতো ক'ভিড প'জিটিভ ব্যক্তি অধিক পোৱা গৈছে ৷ জিলা উপায়ুক্তগৰাকীয়ে লগতে কয় যে পূৰ্বতে পৰিয়ালৰ এজন ব্যক্তি ক'ভিডত আক্ৰান্ত হলেও বাকীসকল আক্ৰান্ত হোৱা নাছিল যদিও এইবাৰৰ ক'ৰোনাৰ দ্বিতীয় ঢৌত কিন্তু সেয়া হোৱা নাই ৷ বৰং পৰিয়ালৰ যদি এজন ব্যক্তি ক'ভিডত আক্ৰান্ত হৈছে তেতিয়াহলে পৰিয়ালৰ বাকীবোৰো আক্ৰান্ত হৈছে ৷ তাৰোপৰি এইবাৰ কম বয়সীয়া আৰু বয়োজ্যেষ্ঠ ব্যক্তি আক্ৰান্ত হোৱাৰো খবৰ পাই আছো ৷ লগতে আন ৰোগত ভুগি থকা ব্যক্তিসকলৰ কাৰণে অধিক বিপদজনক হৈ পৰিছে ৷ সেয়ে জিলাখনত ৰিভাৰ্চ কোৱাৰেণ্টাইনৰ ( Revrse- Quarantine) ওপৰত আমি অধিক গুৰুত্ব দিছো ৷ অৰ্থাৎ ৬০ বছৰৰ উৰ্ধৰ ব্যক্তি , আন ৰোগত ভুগি থকা ব্যক্তি ,গৰ্ভৱতী মহিলা আদিয়ে নিজকে সুৰক্ষিত কৰি ঘৰতে থকাতো বুজোৱা হৈছে ৷ একেদৰে শিশু থকা ঘৰৰ লোকসকলো সাৱধানে থকা উচিত ৷ পৰাপক্ষত অতি প্ৰয়োজন নহলে ঘৰৰ পৰা বাহিৰলৈ নোলোৱাতোৱে ভাল ৷ এনে কৰিলে সকলোৰে বাবে ভাল ৷ ইপিনে বঙাইগাঁও জিলাত বৰ্তমানলৈকে ছয়টা মাইক্ৰ কণ্টেইনমেণ্ট জ'ন আছে ৷ বঙাইগাঁও চহৰৰ বিশাল মেগা মাৰ্টৰ ওচৰৰ অঞ্চলক বঙাইগাঁও প্ৰথম খণ্ড , অল্ড কলনী অঞ্চলক দ্বিতীয় খণ্ড ,চাপাগুৰী ৰোড চতুৰ্থ খণ্ড , দোলাইগাঁও তৃতীয় খণ্ড ( মাজপাৰা) , দোলাইগাঁও তৃতীয় খণ্ডৰ ১৬ নং ৱাৰ্ডৰ নতুনপাৰা আৰু সৃজনগ্ৰাম ৰাজহ চক্ৰৰ অধীনৰ কীৰ্তনপাৰা ৷ ইপিনে মিলিজুলি প্ৰকল্পৰ অধীনত জিলাখনৰ ১৪২ কেন্দ্ৰত বিশেষ জ্বৰ পৰীক্ষা ক্লিনিকৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে উপায়ুক্তগৰাকীয়ে ৷ তেওঁ কয় যে এই কেন্দ্ৰ সমূহত যিসকলে নিজৰ জ্বৰ আৰু শৰীৰত অক্সিজেনৰ পৰিমাণ পৰীক্ষা কৰাব বিচাৰে ,যিসকলৰ উশাস নিশাহ লোৱাত অসুবিধা হৈ আছে ,যিসকলে ক'ভিড ৰোগৰ পৰা আৰোগ্য হৈ সাপ্তাহিক পৰীক্ষা কৰাব বিচাৰে ,যিজনে ক'ভিড আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ আহিছে বুলি সন্দেহ কৰে অথবা যিয়ে ক'ভিডত আক্ৰান্ত হ'ব বুলি শংকিত হৈ আছে তেনে লোকসকল যাব পাৰিব ৷ ১৪২ টা কেন্দ্ৰত পুৱা ৮ বজাৰ পৰা দুপৰীয়া ১ বজালৈ এই সেৱা মুকলি থাকিব ৷ আনহাতে ১৩ টা কেন্দ্ৰত সপ্তাহৰ ২৪ ঘণ্টাই সেৱা মুকলি থাকিব ৷ সবিশেষ জানিবলৈ বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ ক'ভিড নিয়ন্ত্ৰণ কক্ষৰ ৭০৮৬৭৯৩৫০৭ নম্বৰ ( ২৪×৭) আৰু উত্তৰ শালমাৰা মহকুমাধিপতিৰ কাৰ্যালয়ত স্থাপন কৰা ০৩৬৬৪২৮১৫৬১ নম্বৰত ( পুৱা ৯ বজাৰ পৰা নিশা ৯ বজালৈ) যোগাযোগ কৰিব পাৰিব বুলি কয় ৷
ইপিনে জিলাখনত বৰ্তমানলৈকে মুঠ ৭৫,০১৭ জন ব্যক্তিক ক'ভিড ভেকচিন প্ৰদান কৰা হৈছে ৷ ইয়াৰ ভিতৰত ৫৫,৪১৩ জনক প্ৰথম পালি আৰু ১৯,৬০৪ জনক দ্বিতীয় পালি ভেকচিন প্ৰদান কৰা হৈছে ৷ জিলাখনত ক'ভিড ৰোগীক চিকিৎসাৰ বাবে অনা - নিয়া কৰাৰ বাবে ৭ খন এম্বুলেন্স ব্যৱহৃত হৈ থকাৰ বিপৰীতে বাকী ১৮ খন এম্বুলেন্স আন ৰোগীৰ বাবে ব্যৱহাৰ কৰা হৈছে ৷ সেইদৰে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ক'ভিড- ১৯ অপিডি ক্লিনিক মুকলি কৰা হৈছে ৷ চিকিৎসালয়খনৰ বি-৬ নং কোঠাত মুকলি কৰা অপিডি ক্লিনিক পুৱা ৮ বজাৰ পৰা দিনৰ ১ঃ৩০ বজালৈ খোলা থাকিব ৷ পৰামৰ্শদাতা চিকিৎসক হিচাপে চিকিৎসক পি কে দেৱনাথ থাকিব ৷ সংবাদ মেলত জিলা উপায়ুক্তগৰাকীয়ে ৰক্তদান কৰিব বিচৰাসকলক ক'ভিড ভেকচিন লোৱাৰ পূৰ্বে বঙাইগাঁও অসামৰিক চিকিৎসালয় আদিত ৰক্তদান কৰিবলৈ আহ্বান জনায় ৷ কাৰণ ভেকচিন লোৱাৰ চাৰি সপ্তাহলৈ ব্যক্তি এজনে ৰক্তদান কৰিব নোৱাৰে বুলি কয় ৷ সেয়ে চিকিৎসালয়ত ৰক্তৰ অভাবে দেখা দিব পাৰে আৰু ইয়াৰ ফলত ৰোগীক প্ৰয়োজনত ৰক্ত দিব নোৱাৰা অৱস্থা হ'ব পাৰে বুলিও কয় ৷ আনহাতে বঙাইগাঁও অসামৰিক চিকিৎসালয়খন ক'ভিড ন'ডেল হাস্পতাল হিচাপে ব্যৱহৃত হৈ আছে যদিও চিকিৎসালয়খনত নাই কোনো আই চি ইউৰ ব্যৱস্থা ৷ কিন্তু শেহতীয়াভাৱে অতি শীঘ্ৰে চিকিৎসালয়খনত ২০ খন বিচনাযুক্ত আই চি ইউৰ ব্যৱস্থা সম্পূৰ্ণ হৈ উঠিব বুলি কয় ৷ জিলাখনৰ চৰকাৰী চিকিৎসালয়ত বৰ্তমান ক'ভিড ৰোগীৰ বাবে ১৫০ খন বিচনা আছে বুলি জিলা উপায়ুক্তগৰাকীয়ে জানিবলৈ দি কয় যে ইয়াৰ ভিতৰত বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ৫০খন , বইটামাৰী মডেল হাস্পতালত ৫০খন আৰু মাণিকপুৰ মডেল হাস্পতালত ৫০ খন বিচনা আছে ৷ ইয়াৰ উপৰিও ৫০০ ৰ ওপৰত ক'ভিড কেয়াৰ চেণ্টাৰত বিচনা সাজু কৰা হ'ব আৰু এই সপ্তাহৰ ভিতৰতে তাৰে ভিতৰত ২০০ বিচনা সাজু কৰিব বুলি কয় ৷ সেইদৰে বৰ্তমান জিলাখনত ৰে'লৱে হাস্পতালকে ধৰি ৬০০ টা অক্সিজেন চিলিণ্ডাৰ আছে আৰু তাৰে ভিতৰত চৰকাৰীভাবে কমেও ৪৬০ টা চিলিণ্ডাৰ আছে বুলি কয় ৷ ইপিনে জিলাখনৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানে ক'ভিড বিধি উলংঘা কৰত প্ৰশাসনে ব্যৱসায়িক প্ৰতিষ্ঠান দুখন বন্ধ কৰি দিছে ৷ ইয়াৰে এখন বঙাইগাঁও চহৰৰ চিলাৰায় দৈনিক বজাৰৰ সুজন সৰকাৰৰ গেলামাল দোকান আৰু চলন্তপাৰাৰ ফেচন আৰ্ট শ্ব'প ৷ জিলা উপায়ুক্তগৰাকীয়ে সংবাদ মেলত বঙাইগাঁওবাসী ৰাইজক পৰাপক্ষত ঘৰতে থাকিবলৈ আহ্বান জনাই কয় যে অতি প্ৰয়োজন নহলে বাহিৰলৈ ওলাই নাহিব ৷ বাহিৰত ওলাই অহাৰ সময়ত মাস্ক পৰিধান কৰাৰ লগতে সকলো ক'ভিড বিধি মানি চলিবলৈকো আহ্বান জনায় ৷ লগতে বঙাইগাঁও পৌৰ সভা এলেকা আৰু অভয়াপুৰী পৌৰ এলেকাৰ ৰাইজৰ সুবিধাৰ বাবে হোম ডেলিভাৰী ব্যৱস্থা আৰম্ভ কৰা বুলিও কয় ৷ তাৰ সুবিধা ল'ব বিচাৰিলে ল'ব পাৰিব ৷ জিলা উপায়ুক্তগৰাকীয়ে ক'ভিডৰ এই ভয়াৱহ পৰিস্থিতিৰ পৰা মুক্ত হ'বলৈ সকলোকে মিলিজুলি যুঁজ দিবলৈ আহ্বান জনায় ৷
প্ৰণৱ কুমাৰ ডেকা
বঙাইগাঁও
Comments
Post a Comment