মোদী চৰকাৰৰ দ্বিতীয় বৰ্ষপূৰ্তিঃকৃষ্ণাইত বিজেপিৰ মাস্ক বিতৰণ

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ দ্বিবৰ্ষপুৰ্তি উপলক্ষে আজি কৃষ্ণাইত ৰূপায়ণ কৰা হয় এক মাস্ক বিতৰণ কাৰ্যসূচী ৷ ভাৰতীয় জনতা পাৰ্টিৰ কৃষ্ণাই মণ্ডল কমিটীৰ তিনিটা বুথ কমিটীৰ উদ্যোগত আৰু কৃষ্ণাই দেৱৰাজ এনজিঅ’ৰ সহযোগত ৰূপায়িত হয় এই মাস্ক বিতৰণী কাৰ্যসূচী ৷ তেওঁলোকে ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰা ঠেলা চালক,ই ৰিক্সা চালক,মটৰ চাইকেল তথা চাইকেল আৰোহী, সৰু গাড়ীৰ চালক,ট্ৰাকৰ চালক তথা সাধাৰণ পথচাৰীৰ মাজত মাস্ক বিতৰণ কৰে আৰু কৰ’না মহামাৰীৰ পৰা হাত সাৰি থকাৰ উপায় সম্বন্ধে ৰাইজক অৱগত কৰে ৷ এই সন্দৰ্ভত দেৱৰাজ এনজিঅ’ৰ কাৰ্যকৰী সভাপতি পৰিমল সাহাই জানিবলৈ দিয়া অনুসৰি তেওঁলোকৰ এই জনসেৱামূলক কাৰ্যসূচী আগন্তুক ৩ জুনলৈ অব্যাহত থাকিব ৷ মাস্ক বিতৰণ কাৰ্যসূচীত বিজেপিৰ কৃষ্ণাই মন্ডল কমিটীৰ কৰ্মকৰ্তাৰ লগতে দেৱৰাজ এনজিঅ’ৰ বিষয় ববীয়া সকল উপস্থিত থাকে ৷

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা