কৃষ্ণাই শ্মশানত পোন প্ৰথম বাৰৰ বাবে দাহ কৰা হ’ল কৰ’নাত মৃত ব্যক্তিৰ শৱদেহঃৰণবীৰ সাহাৰ উদ্যোগক শলাগিলে সচেতন মহলে
গোৱালপাৰা জিলাৰ কৃষ্ণাই আঞ্চলিক শ্মশানঘাটত আজি নিশা পোন প্ৰথম বাৰৰ বাবে দাহন কৰা হ’ল কৰ’নাত মৃত্যু ঘটা এজন ৰোগীৰ মৃতদেহ ৷ মৃত লোক জনৰ নাম তপন সাহা ওৰফে তপু সাহা ৷ বয়স ৫৫ ৷ উল্লেখ্য যে
মহামাৰী কৰ’নাত আক্ৰান্ত তপু সাহাক যোৱা ৩ মে’ৰ দিনা ভৰ্তি কৰোৱা হৈছিল গুৱাহাটীৰ আমিনগাঁৱৰ জিএনআৰচিত ৷ আইচিইউত চিকিৎসাধীন তপু সাহাই আজি নিচেই পুৱা শিষ নিশ্বাস ত্যাগ কৰে ৷ ইয়াৰ পিছতে মৃত লোক জনৰ শৱদেহ দাহ কৰাৰ ক্ষেত্ৰত আহি পৰে এক জটিলতা ৷ কাৰণ গুৱাহাটীত আজি কৰ’নাত মৃত্যু ঘটা লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাত তপু সাহাৰ শৱদেহ দাহনত দেখা দিয়ে বিলম্বন ৷ তেনে পৰিস্থিতিত তপু সাহাৰ ভাতৃসম অভিন্ন বন্ধু ৰণবীৰ সাহা (ম’না)ই তপুৰ শৱদেহ কৃষ্ণাইলৈ লৈ অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ পিছে কৃষ্ণাইৰ একাংশ লোকে কৰ’নাত মৃত্যু ঘটা তপুৰ শবদেহ স্থানীয় শ্মশান খনত দাহন কৰাত বাধা আৰোপ কৰে ৷ এনে জটিল পৰিস্থিতিত ম’না সাহাই প্ৰশাসনৰ সৈতে আলোচনা কৰি গুৱাহাটীৰ পৰা কৰ’না ৰোগীৰ শৱদেহ দাহ কৰা কেইজনমান লোকক কৃষ্ণাইলৈ লৈ আহে ৷ পিছত উক্ত লোক কেইজনে পিপিকিট পৰিধান কৰি আজি নিশাৰ ভাগত কৃষ্ণাই শ্মশানত তপন সাহাৰ মৃতদেহ দাহ কৰে ৷ অতি হৃদয় বিদাৰক ঘটনাটো আছিল তপু সাহাৰ পত্নী আৰু একমাত্ৰ পুত্ৰই পিপিকিট পিন্ধি শ্মশানলৈ আহি দূৰৈৰ পৰাই মৃতদেহ দৰ্শন কৰা দৃশ্যটো ৷ উল্লেখ্য যে, তপন সাহাৰ পত্নী শিৱাণী সাহা আৰু পুত্ৰ তন্ময় সাহায়ো কৰ’নাত আক্ৰান্ত হৈ আজি চাৰি দিনে হোম আইছ’লেচনত আছে ৷ ইফালে ৰণবীৰ সাহাৰ মহানুভৱতাক শলাগিছে কৃষ্ণাইৰ সচেতন মহলে ৷
কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,first news report
Comments
Post a Comment