ৰঙিয়াত পুনৰ কোভিড পজিটিভ ৩০ গৰাকী

প্ৰতিবেদক , ৰঙিয়া ১০ মেঃ কামৰূপ জিলাৰ অন্যান্য অংশৰ লগতে ৰঙিয়াতো ধাৰাবাহিক ভাৱে কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে। আজি ৰঙিয়াত মুঠ ৩০ জনৰ দেহত কৰ'নাৰ সংক্ৰমণ ধৰা পৰিছে। আজি ৰঙিয়া অসামৰিক চিকিৎসালয়ত ১০৭ জনৰ ৰেপিড এন্টিজেন টেস্ট কৰাত ২৪ জনৰ দেহত কৰ'নাৰ সংক্ৰমণ ধৰা পৰে। আক্ৰান্ত সকলৰ ভিতৰত এগৰাকী কাৰ্যবাহী দণ্ডাধীশো আছে বুলি স্বাস্থ্য বিভাগৰ সূত্ৰত জনা গৈছে।  আনহাতে বাৰাংহাটী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ২৭ জনৰ ভিতৰত ৬ জনৰ দেহত কৰ'নাৰ অৱস্থিতি ধৰা পৰে। কালি সমগ্ৰ ৰঙিয়া মহকুমাত ১৬৫ গৰাকী লোকৰ ৰেপিড এন্টিজেন টেস্ট কৰাত ২৪ জনৰ দেহত কৰ'নাৰ সংক্ৰমণ ধৰা পৰে। মহকুমাটোত এতিয়াও ৬১৪ গৰাকী লোকৰ দেহত কৰনা ভাইৰাছ সক্ৰিয় হৈ আছে। কালি শিঙিমাৰী কোভিড চিকিৎসালয়ত ৰঙিয়া মহকুমাৰ বিহদিয়াৰ এগৰাকী লোকৰ কৰণাত আক্ৰান্ত হৈ মৃত্যু হয়। ইপিনে ৰঙিয়া মহকুমাত কৰণাৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে মহকুমা প্ৰশাসনে দৈনিক আৰু সাপ্তাহিক বজাৰ ২০ মেলৈ বন্ধ কৰাৰ উপৰিও দিনৰ দুই বজাৰ পৰা সকলো দোকান পোহাৰ বন্ধ ঘোষণা কৰাৰ লগতে  ছয় বজাৰ পৰা জাৰি কৰা  নৈশ সান্ধ্য আইন ৰাইজে পালন কৰা পৰিলক্ষিত হৈছে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা