ৰঙিয়াত চক্ৰ বিষয়াৰ ফাৰ্মাচী পৰিদৰ্শন আৰু ষ্টেৰয়েড মেডিচিন অনুসন্ধান

ৰঙিয়াৰ পৰা পহৰেদ আলী আহমেদঃ ২৯ মে':
ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালৰ নিৰ্দেশ মৰ্মে আজি ৰঙিয়াৰ চক্ৰ বিষয়া চন্দন বৰগোহাঁই আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ ক্ষেত্ৰ বিষয়া সৌৰভ বৰকটকীয়ে ৰঙিয়া চহৰৰ লগতে ওচৰ পাজৰৰ বিভিন্ন ফাৰ্মাচী আৰু ঔষধৰ পাইকাৰী বিক্ৰেতাৰ দোকান সমূহ পৰিদৰ্শন কৰে। চক্ৰ বিষয়া গৰাকীয়ে ঔষধৰ দোকান সমূহত স্টেৰয়েড ঔষধ বিশেষকৈ Dexamethasone/ Dexona, Betamethasone/ Betnasol, Diclofanac/Voveran, Ivermectine/ Scavista এনেধৰনৰ ফৰ্মূলাৰ ঔষধ সমূহ মজুদ  সন্দৰ্ভত অনুসন্ধান কৰে৷ বিষয়া গৰাকীয়ে বৰ্তমান কোভিডৰ সংক্ৰমণৰ সময়ত এই স্টেৰয়েড ঔষধ সমূহ 
প্ৰেছক্ৰিপশ্বন অবিহনে বিক্ৰী কৰিবলৈ নিষেধাজ্ঞা জাৰি কৰে৷চিকিৎসকৰ নিৰ্দেশত বিক্ৰী কৰিলেও গ্ৰাহকৰ নাম ঠিকনা, ফোন নম্বৰ,ৰোগীজনে ঠাণ্ডা, মুৰৰ বিষ, কাঁহ বা কিহৰ বাবে সেৱন কৰিছে আদি লিখি ৰখাৰ লগতে মেডিচিনৰ ব্ৰেণ্ড, আজিৰ পৰা সাতদিনৰ বিক্ৰী-স্টক আদি লিপিবদ্ধ কৰি ৰাখিবলৈ নিৰ্দেশ প্ৰদান কৰে৷ তেওঁ সকলো ঔষধ বিক্ৰেতাক কোভিডৰ নীতি নিয়ম কঠোৰ ভাৱে মানি চলিবলৈ নিৰ্দেশ জাৰি কৰে।আনহাতে প্ৰশাসনৰ ফালৰ পৰা জনসাধাৰণৰ মঙ্গলৰ ক্ষেত্ৰত সকলো সময়তে শুভাকাংক্ষী অনুষ্ঠান, প্ৰতিষ্ঠান, ফাৰ্মাচী, ব্যৱসায়ী, জনসাধাৰণ আদি সকলৰ সহায় সহযোগিতা কামনা কৰে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা