বঙাইগাঁও জিলাত ক'ভিডত এজনৰ মত্যু

নতুনকৈ আক্ৰান্ত ৩০জন ব্যক্তি 

বঙাইগাঁওঃ ৩০ মেঃ বঙাইগাঁও জিলাত দেওবাৰে পুনৰ নতুনকৈ ৩০ জন ব্যক্তি ক'ভিড - ১৯ ত আক্ৰান্ত  হৈছে ৷ আনহাতে মৃত্যু হৈছে এজন ব্যক্তিৰ ৷ মৃত ব্যক্তিজন জিলাখনৰ পাতিলাদহা কুশলাইগুৰিৰ মহানন্দ সৰকাৰ(৮০)। ব্যক্তিজনৰ বঙাইগাঁও ল'ৱাৰ আসাম হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷ ইপিনে জিলাখনত দেওবাৰে নতুনকৈ ৩০ জন ব্যক্তিৰ দেহত ক'ভিড প'জিটিভ ধৰা পৰাত বৰ্তমান ক'ভিডত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা ৩০২ জন হৈছে ৷ ইয়াৰ ভিতৰত ২১১ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৯১ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷সেইদৰে দেওবাৰৰ দিনটোত সুস্থ হৈ উঠিছে ১৮ জনকৈ ৰোগী ৷ যিটো ভাল খবৰ ৷ জিলাখনত দেওবাৰে মুঠ ১,৮৬৯ জন ব্যক্তিক ক'ভিড টেষ্ট কৰা হয় ৷ আনহাতে জিলাখনত ১ মাৰ্চৰ পৰা ৩০ মে'লৈ মুঠ ক'ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ২,৭৩৯ জন হৈছে ৷ উল্লেখ্য যে শুকুৰবাৰে বঙাইগাঁও চহৰৰ জ্যোতি নগৰ ১৩ নং ৱাৰ্ডৰ ঊষাৰাণী সাহা ৰায়( ৭০) নামৰ মহিলা এগৰাকীৰ ক'ভিডত মৃত্যু হৈছিল ৷ মহিলাগৰাকীৰ ব্যক্তিগত খণ্ডৰ স্বাগত হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল ৷ আনহাতে শনিবাৰে মাণিকপুৰ পালেংবাৰী মোনাকোচাৰ ৰতিকান্ত ৰায়( ৬০)  নামৰ ব্যক্তিজনৰ ল'ৱাৰ আসাম হাস্পতালত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল ৷ জিলাখনত ক'ভিডত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে যদিও দৈনিক ক'ভিড আক্ৰান্ত ৰোগীৰ মৃত্যু হৈ আছে ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা