বঙাইগাঁৱৰ বৰপথাৰত নিশা আৰক্ষীৰ অভিযান

বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জাসহ এজনক গ্ৰেপ্তাৰ

বঙাইগাঁওঃ ২৯ মেঃ বঙাইগাঁও আৰক্ষীয়ে অবৈধ গাঞ্জাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ সন্ধিয়াৰ ভাগত জিলাখনৰ চৌৰাগুৰিত বঙাইগাঁও আৰক্ষীয়ে অভিযান চলাই গাঞ্জাসহ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ পিছত নিশা ৮ঃ৩০ মান বজাত পুনৰ আন এক অভিযান চলায় ৷ বঙাইগাঁও থানাৰ অন্তৰ্গত বৰপথাৰত বিশেষ সূত্ৰৰ পম খেদি সোনাউদ্দিন আলী নামৰ ব্যক্তি এজনৰ দোকান আৰু গৃহত অতৰ্কিতে চলোৱা অভিযাত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷ বঙাইগাঁও জিলাৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত তথা বঙাইগাঁও থানাৰ টি এছ আই আৰু নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ সহযোগত চলোৱা অভিযানত আৰক্ষীয়ে ব্যক্তিজনৰ দোকান আৰু গৃহৰ পৰা  ৪.৬৯৮ কিলোগ্ৰাম অবৈধ গাঞ্জা আৰু ২৮ টা চিলিম জব্দ কৰে ৷ আৰক্ষীয়ে পিছত জব্দ কৰা গাঞ্জাসহ অবৈধ বেহাৰ লগত জড়িত সোনাউদ্দিন আলীক গ্ৰেপ্তাৰ কৰি থানালৈ আনি জেৰা অব্যাহত ৰাখিছে ৷

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা