কমলপুৰত বহুজাতিক প্ৰতিষ্ঠানৰ ক'ভিড প্ৰট'কল ভংগ।

পঙ্কজ নাথ, চাংসাৰি, ১৭ মে :

ৰাজ্যত কভিডৰ দ্ৰুত সংক্ৰমণৰ সময়ত কামৰূপ জিলা অন্তৰ্গত কমলপুৰৰ এক বহুজাতিক প্ৰতিষ্ঠানত ভংগ চৰকাৰৰ কভিড বিধি। কমলপুৰৰ ইয়ক প্ৰিন্ট নামৰ উদ্যোগটোৱে ভংগ কৰিছে চৰকাৰৰ কভিড বিধি। উদ্যোগ প্ৰতিস্থানটোৱে ৰাজ্য চৰকাৰৰ ক'ভিড নীতি উলংঘা কৰি দিনে নিশাই চলাই গৈছে উদ্যোগৰ কাম কাজ। জানিব পৰা মতে উদ্যোগটোৰ ৪ আৰু ৫ নম্বৰ ইউনিতৰ ইতিমধ্যে বহুকেইজন কৰ্মচাৰীৰ দেহত ধৰা পৰিছে মাৰাত্মক ক'ভিড ৰোগ। তাৰ পৰিপ্ৰেক্ষিতত কমলপুৰ অঞ্চলত বহু লোক আক্ৰান্তও হৈছে ক'ভিড ৰোগত। তৎসত্বেও এতিয়াও চৰকাৰৰ কভিড নীতিক ভেঙুচালি কৰি উদ্যোগটোৰ কতৃপক্ষই অনায়াসে কাম কাজ চলাই নিয়াৰ একাংশ ৰাইজে অভিযোগ উত্থাপন কৰিছে। এতিয়া উদ্যোগটোৰ এনে কামকাজৰ পৰা শংকিত হৈ পৰিছে কমলপুৰ অঞ্চলবাসী ৰাইজ। আনফালে উদ্যোগটোৰ কৃৰ্ত্তিপক্ষ‌ই  এই ক্ষেত্ৰত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত আছে। সেয়েহে এই সকলো দিশৰ ওপৰত নজৰ দি শীঘ্ৰেই এই উদ্যোগটোৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা ও আৰক্ষী প্ৰশাসনক আহ্বান জনাইছে অঞ্চলবাসী সচেতন ৰাইজে। এতিয়া ইয়াৰ বিষয়ে অৱগত হোৱাৰ পিছত এই বহুজাতিক উদ্যোগটোৰ ওপৰত কামৰূপ জিলা ও আৰক্ষী প্ৰশাসনে কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হব লক্ষ্যনীয়।

 পঙ্কজ নাথৰ ৰিপৰ্ট ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা