গোৱালপাৰাত সক্ৰিয় নকল টকাৰ ব্যৱসায়ী চক্ৰঃআগিয়া আৰক্ষীয়ে জব্দ কৰিলে ১ লাখ ২০ হেজাৰ নকল টকাৰ নোটঃধৃত এজন

কৰ’না মহামাৰীৰ সন্ত্ৰাসৰ মাজতে গোৱালপাৰা জিলাত পুণঃ সক্ৰিয় হৈৈ উঠিছে নকল টকাৰ ৰমৰমীয়া ব্যৱসায় ৷ জিলা খনৰ আগিয়াত ১ লাখ ২০ হেজাৰ টকাৰ নোট সহ এজন যুৱকক আটক কৰাৰ পিছতেই এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে ৷ ৰাইজৰ সহযোগত আৰক্ষীয়ে কৰায়ত্ত্ব কৰা যুৱক জনৰ নাম সঞ্জীৱ মাৰাক ৷ বয়স ৩৮ বছৰ ৷ ধৃত সঞ্জীৱৰ ঘৰ
আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত  বলবলাৰ ফফংগা দ্বিতীয় খণ্ডত ৷ 
জানিব পৰা মতে, ধৃত সঞ্জীৱ মাৰাকে কালি বিয়লি অন্য এজন সংগী সহ মটৰ চাইকেলেৰে আহি উপস্থিত হয় আগিয়াৰ বালিজানা বজাৰত ৷  ইফালে যুৱক দুজনৰ চাল চলনত সন্দেহ উপজে স্থানীয় ৰাইজৰ ৷ ৰাইজে লগে লগে আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে ৰাইজৰ সহযোগত 
সঞ্জীৱ মাৰাকক আটক কৰিবলৈ সক্ষম হয় যদিও  আন জন লোক মটৰ চাইকেলসহ ঘটনাস্থলীৰ পৰা পলাই সাৰে ৷ আৰক্ষীয়ে জনোৱা অনুসৰি, জব্দ কৰা নকল টকা খিনিৰ মাজত  ৪৫ হেজাৰ টকাৰ ১০০ টকীয়া নোট আৰু  ৭৫ হাজাৰ টকাৰ ২০০ টকীয়া নোটসহ মুঠ ১লাখ ২০ হেজাৰ টকাৰ জাল নোট পোৱা গৈছে ।

কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ,First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা