নগাঁৱত বুজন পৰিমাণৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী
নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৪ মে’: নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ দুষ্ট চক্ৰই সৱল নেটৱৰ্ক গঠনেৰে অব্যাহত ৰাখিছে নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ অৱশ্যে মাজে মাজে আৰক্ষীৰ অভিযানত মাৰাত্মক ড্ৰাগছ জব্দ হোৱাৰ লগতে ইয়াৰ চোৰাং বেহাৰ লগত জড়িত লোকক আটক কৰি আহিছে। তথাপিও আৰক্ষীৰ চকুত ধূলি দি অসাধু চক্ৰটোয়ে নিষিদ্ধ ড্ৰাগছৰ বেহা জিলাখনত চলাই থকাৰ সময়তে পুনৰ জিলাখনৰ পশ্চিম প্ৰান্তৰ বটদ্ৰৱা আৰক্ষী থানাৰ এলেকাধীন ভেৰভেৰীত মঙলবাৰে আৰক্ষীয়ে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ দুটা সৰবৰাহকাৰীক কৰায়ত্ত কৰা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ মতে, এক গোপন সূত্ৰৰ পম খেদি নগাঁও জিলা আৰক্ষীয়ে বটদ্ৰৱা আৰক্ষীৰ সহযোগত অতৰ্কিতে অভিযান চলাই ৰছিদুল হক আৰু আইনুল হক নামৰ দুটা গভাইত ড্ৰাগছ সৰবৰাহীক আটক কৰে ৷ অভিযান কালত আৰক্ষীৰ দলে ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা ৫৪.৮১ গ্ৰাম হিৰোইন আৰু ৭২ টা নিচাজাতীয় টেবলেটৰ লগতে ম’বাইল হেনছেট আৰু কিছু পৰিমাণৰ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় ৷ জব্দ কৰা ড্ৰাগছখিনিৰ মূল্য আনুমানিক দহ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য, দীৰ্ঘদিন ধৰি এই দুই ড্ৰাগছ সৰবৰাহকাৰীয়ে নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত মাৰাত্মক ড্ৰাগছৰ অবাধ বেহা গোপনে চলাই আহিছিল ।
Comments
Post a Comment