সাম্ভাব্য বান-দুৰ্যোগৰ মুখামুখি হ'বলৈ বৰপেটা জিলা প্ৰশাসনৰ ব্যাপক প্ৰস্তুতি #উপায়ুক্ত তেজ প্ৰসাদ ভূষালৰ ভগ্নপ্ৰায় মথাউৰী পৰিদৰ্শন

সঞ্জীৱ দাস, বজালী, ২৫ মে': ক'ভিড বিৰোধী যুঁজৰ সমান্তৰালকৈ আগন্তুক বাৰিষাৰ বান দুৰ্যোগৰ বাবেও বৰপেটা জিলা প্ৰশাসনে প্ৰস্তুতি আৰম্ভ কৰিছে। বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষালে কালিৰে পৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ ভগ্নপ্ৰায় মথাউৰী, বান্ধ আদি পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লৈ আছে।  কালি তেওঁ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৈঠাপোতা সত্ৰৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ মথাউৰীৰ দুৰ্বল হৈ পৰা অংশ পৰিদৰ্শন কৰি ইয়াৰ মেৰামতিৰ বাবে তাৎক্ষণিকভাৱে ব্যৱস্থা হাতত ল'বলৈ জল সম্পদ বিভাগৰ বিষয়াক নিৰ্দেশ দিয়ে। ইয়াৰ আগতে তেওঁ বৰপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত পালহাজীৰ ওচৰৰ বেলৰতাৰীৰ মথাউৰী পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লয়। ইয়াত ব্ৰহ্মপুত্ৰৰ খহনীয়াই মথাউৰীটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। এই মথাউৰীটোৰ তাৎক্ষণিক মেৰামতিৰ বাবে জলসম্পদ বিভাগক আঁচনি প্ৰস্তুত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্ত গৰাকীয়ে পৰামৰ্শ দিয়ে। উপায়ুক্ত গৰাকীৰ এই ভ্ৰমণত জল সম্পদ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা সুবল দাস আৰু সংশ্লিষ্ট চক্ৰৰ চক্ৰ বিষয়া সকলো উপস্থিত থাকে। ইয়াৰ পিছতে তেওঁ বাঘবৰ প্ৰাথমিক স্বাস্হ্য কেন্দ্ৰ আৰু ভলুকাডোবা খণ্ড স্বাস্হ্য কেন্দ্ৰ পৰিদৰ্শন কৰি স্বাস্থ্য বিভাগৰ বিষয়া সকলৰ সৈতে আলোচনাত মিলিত হয়। সেই অনুসৰি ভলুকাডোবাৰ ৩০ বিচনাযুক্ত আদৰ্শ চিকিৎসালয় খনক কাইলৈৰ পৰা কোভিড কেয়াৰ চেন্টাৰলৈ ৰূপান্তৰিত কৰাৰ বাবে ব্যৱস্থা হাতত লোৱা হয়। এই আলোচনাত অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপ আৰু  যুটীয়া স্বাস্থ্য সঞ্চালক ডা তীৰ্থনাথ শৰ্মাও উপস্থিত থাকে। ইফালে কালিয়ে আবেলি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আগন্তুক বান দুৰ্যোগৰ সঠিক ব্যৱস্থাপনাৰে মুখামুখি হোৱাৰ বাবে এখন সভা অনুষ্ঠিত হয়। সভাত সকলো বিভাগীয় মুৰব্বী বিষয়া, জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, চক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়া সকল উপস্থিত থাকে।  জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা জানিবলৈ দি কয় যে, সভাত স্বাস্থ্য বিভাগক প্ৰয়োজনীয় ঔষধ-পাতি সহ পৰ্যাপ্ত মাত্ৰাত দ্ৰুত কৰ্ম বাহিনী গঠন কৰা, পশুপালন বিভাগক পৰ্যাপ্ত পশুখাদ্য আৰু ঔষধ মজুত ৰখাৰ উপৰি পোহনীয়া জীৱ-জন্তুৰ সঠিক গণনা কৰিবলৈ, মীন বিভাগক সাম্ভাব্য বানৰ পৰা মাছৰ পুখুৰী সমূহৰ সুৰক্ষাৰ বাবে ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়া হয়। একেদৰে শিক্ষা, লোক নিৰ্মাণ, জল সম্পদ, পৰিবহন, খাদ্য আৰু অসামৰিক যোগান, হস্ততাতঁ বস্ত্ৰ শিল্প, শক্তি আদি বিভাগকো প্ৰয়োজনীয় প্ৰস্তুতি মুলক কৰ্ম-পৰিকল্পনা যুগুতাই উলিয়াবলৈ কোৱা হৈছে। এই সম্পৰ্কত প্ৰতিটো ৰাজহ চক্ৰতে চক্ৰ পৰ্যায়ৰ এখন সমিতি গঠন কৰি সাম্ভাব্য সাহাৰ্য শিবিৰ চিনাক্ত কৰণ, উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰিব পৰাকৈ  নাও আদিৰ মজুত কৰণ, প্ৰতিখন গাঁওৰ জনসংখ্যাৰ সঠিক তথ্য আহৰণ আদিৰে পূৰ্ণ প্ৰস্তুতি চলোৱাৰ বাবে নিৰ্দেশ দিয়ে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা