কৃষ্ণাইৰ দুৰ্গাবাড়ীত একে পৰিয়ালৰ তিনি সদস্যৰ দেহত ধৰা পৰিল কৰ’না পজিটিভঃৰাইজৰ মাজত আতংক
গোৱালপাৰাত প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ জিলাখনত ইতিমধ্যে কৰ’না পজিটিভ ৰোগীৰ সংখ্যাই তিনিশৰ ঘৰ অতিক্ৰম কৰাৰ সময়তে আজি জিলাখনৰ কৃষ্ণাইত একেটা পৰিয়ালতে চিনাক্ত হৈছে তিনি কৰ’না পজিটিভ ৰোগী ৷ স্বাস্থ্য বিভাগৰ এক সূত্ৰই আজি সন্ধিয়া জানিবলৈ দিয়া অনুসৰি কৃষ্ণাই চহৰৰ দুৰ্জাবাড়ীৰ একেটা পৰিয়ালতে তিনি গৰাকী লোক আক্ৰান্ত হৈছে মহামাৰী কৰ’নাত ৷ আক্ৰান্ত লোক কেই গৰাকী হৈছে তপু সাহা (৫৫), তেঁৱৰ ঘৈণীয়েক শিবাণী সাহা(৪২) আৰু পুত্ৰ তন্ময় সাহা (১৬) ৷ ইয়াৰে তপু সাহাৰ অৱস্থা সম্প্ৰতি সংকট জনক ৷ তেঁৱক ইতিমধ্যে আমিনগাঁৱৰ জিএনআৰচিলৈ প্ৰেৰণ কৰা হৈছে ৷ জানিব পৰা মতে, তপু সাহাই পৰিয়াল সহ গৈছিল পশ্চিমবংগলৈ ৷ তাৰ পৰা আহিয়ে তেঁও অসুস্থ হৈ পৰে আৰু আজি গোৱালপাৰা চহৰত স্বাস্থ্য পৰীক্ষা কৰোৱাত তেঁৱৰ লগতে ঘৈণীয়েক আৰু পুতেকৰ শৰীৰত কৰ’নাৰ অৱস্থিতি ধৰা পৰে ৷ ইফালে কৃষ্ণাই বজাৰৰ মাজ মজিয়াত এনেদৰে এটা পৰিয়াল কৰ’নাত আক্ৰান্ত হোবাৰ বাতৰিয়ে সমগ্ৰ কৃষ্ণাই অঞ্চলতে আতংকৰ সৃষ্টি কৰিছে ৷
কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, first news repor
Comments
Post a Comment