জামুগুৰিহাটত হিমন্ত বিশ্ব শৰ্মাৰ আধাৰশিলা ভাঙিলে দূস্কৃতিকাৰীয়ে ৷# চতিয়াৰ চৰ চাপৰিত সন্দেহজনক নাগৰিকৰ দপদপনি অব্যাহত

 জামুগুৰিহাটত  হিমন্ত বিশ্ব শৰ্মাৰ আধাৰশিলা ভাঙিলে দূস্কৃতিকাৰীয়ে ৷
# চতিয়াৰ চৰ চাপৰিত সন্দেহজনক নাগৰিকৰ দপদপনি অব্যাহত ৷
--------------------------------------------
চতিয়া সমষ্টিৰ চৌকী ঘাটত কোনো দূস্কৃতিকাৰীয়ে এটি আধাৰশিলা ভাঙি পেলোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ উল্লেখ্যযে যোৱা বৰ্ষত চতিয়া সমষ্টিৰ অন্তৰ্গত চৌকী ঘাটত এখন আইন মহাবিদ্যালয় স্থাপনৰ উদ্দেশ্যৰে  তেতিয়াৰ স্বাস্থ্য, শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংসদ পল্লৱ লোচন দাস আৰু বিধায়ক পদ্ম হাজৰিকাক লগতলৈ এটি  আধাৰশিলা স্থাপন কৰে ৷ মহাবিদ্যালয়খনৰ কাম কাজ আৰম্ভ নৌহওঁতেই কোনো দূস্কৃতিকাৰীয়ে আধাৰশিলাটো ভাঙি পেলোৱা বিষয়টোক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷ সাংৱাদিকৰ আগত স্থানীয় একাংশ যুৱকে  কয়- সমষ্টিটোৰ চৰচাপৰি অঞ্চলত এটা চক্ৰই দীৰ্ঘদিন ধৰি  চৰকাৰ বিৰোদ্ধি তথা বিভিন্ন অসমাজিক কাম কাজত জৰিত হৈ আহিছে ৷ সমষ্টিটোৰ দীঘলি চাপৰী,গটাইমাৰী,চৌকী ঘাট,লুঙিবজাৰৰ পৰা যোৱা বৰ্ষত ৫২২ টা সন্দেহজনক পৰিয়ালক উচ্ছেদ কৰি সেই ভূমি স্থানীয় নিবনুৱা সকলক কৃষি কৰ্মৰ বাৱে চৰকাৰে  আবণ্টন দিয়াৰ লগতে চৌকী ঘাটত এখন আইন মহাবিদ্যালয় স্থাপনৰ উদ্দেশ্যৰে আধাৰ শিলা কৰে ৷ সম্প্ৰতি  উচ্ছেদিত লোক সকলক এই অঞ্চলৰে একাংশই সুৰক্ষা দি অহাৰ কথা আমাৰ দৃষ্টি গোচৰ হৈছে ৷ এইবাৰ মহাজোটৰ চৰকাৰ হব আৰু পুনৰ উচ্ছেদিত ভূমি আমাৰ পৰা কাঢ়ি নিব ৷ এই  পৰিকল্পনাৰেই অঞ্চলটোত সেই চক্ৰটোৱে বিভিন্ন দূস্কাৰ্য্য কৰি আহিছে ৷ বিধান সভাৰ নিৰ্ব্বাচনী  প্ৰচাৰত সমষ্টিটোৰ  ৰাইজ ব্যস্ত থকা সময়তে  উক্ত উচ্ছেদিত ভূমিত কৃষি কৰ্ম কৰা ৫২ টা কৃষি গোটৰ খেতি পথাৰৰ পৰা মাকৈ,গমকে  ধৰি বিভিন্ন শস্য নিশাৰ ভিতৰত কাটি বস্তাত ভৰাই লৈ গুছি যায় দূস্কৃতিকাৰী সকলে   ৷ এই চক্ৰটোৱে আইন মহাবিদ্যালয়ৰ আধাৰশিলা ভাঙি দিয়া কাৰ্য্য কোনো কাৰণতে সহ্য কৰা নহব বুলিও মন্তৱ্য কৰে স্থানীয় একাংশ যুৱকে  ৷ ইতিমধ্যে ঘটনাস্থলিত আৰক্ষী উপস্থিতহৈ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

জামুগুৰিহাটৰ পৰা জোন বৰা।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা