বঙাইগাঁও জিলা প্ৰশাসনক এনএইচআইডিচিএলৰ এম্বুলেন্স প্ৰদান

বঙাইগাঁওঃ ১১ মেঃ ক'ৰোনা মহামাৰীৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে মঙলবাৰে ৰাষ্ট্ৰীয় ঘাই পথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড (এনএইচআইডিচিএল) কৰ্তৃপক্ষই বঙাইগাঁও প্ৰশাসনক এখন এম্বুলেন্স প্ৰদান কৰে ৷ সামাজিক দায়ৱদ্ধতা আঁচনিৰ পুঁজিৰ অধীনত জিলাখনলৈ কোভিড ১৯ৰ উন্নত ব্যৱস্থাপনাৰ বাবে তেওঁলোকে এই এম্বুলেন্সখন প্ৰদান কৰে। এই উপলক্ষে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয় প্ৰাংগণত অনুষ্ঠিত অনুষ্ঠানত এনএইচআইডিচিএল কৰ্তৃপক্ষৰ হৈ ডিজিএম অতুল মদগীলে বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীৰ উপস্থিতিত জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াক আনুষ্ঠানিকভাৱে এম্বুলেন্সৰ প্ৰতীকী চাবি অৰ্পণ কৰি এম্বুলেন্সখন প্ৰদান কৰে ৷ ইয়াৰ পিছতে বিধায়ক ফণীভূষণ চৌধুৰীয়ে এম্বুলেন্সখন জিলাবাসীৰ সেৱাৰ বাবে শুভাৰম্ভ কৰে ৷ ১৫ লাখ টকা ব্যয় কৰি নিগমে প্ৰদান কৰা এই এম্বুলেন্সখন অক্সিজেনকে ধৰি অন্যান্য চিকিৎসা সুবিধাৰে সজ্জিত ৷ 

প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও 

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা