পশ্চিমবংগত নিৰ্বাচনী হিংসাঃতীব্ৰ ভাষাৰে গৰাহণা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ

বিধানসভা নিৰ্বাচনৰ ফলাফলক গইনা হিচাপে লৈ সম্প্ৰতি পশ্চিমবংগ তথা মমতা বেনাৰ্জীৰ ৰাজ্যত চলি থকা হিংসাত্মক ঘটনাৰাজিক তীব্ৰ ভাষাৰে গৰিহণা দিছে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কৃষ্ণাই আঞ্চলিক কমিটিয়ে ৷ আজি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিৰ জৰিয়তে সন্থাই ক্ষোভ ব্যক্ত কৰি কয় যে মমতা বেনাৰ্জীৰ ৰাজ্যত সংঘটিত নিৰ্বাচনী হিংসাৰ যিবোৰ ভিডিঅ’ আৰু বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰিত হৈ আছে সেইবোৰ কোনো এখন গণতান্ত্ৰিক দেশ বা ৰাজ্যৰ ক্ষেত্ৰত গ্ৰহণযোগ্য হ’ব নোৱাৰে ৷ ধাৰাবাহিক ভাৱে চলি থকা এই অত্যাচাৰ সমূহক তীব্ৰ ভাষাৰে গৰিহণা দি এইবোৰ বন্ধ কৰাৰ বাবে তৃণমূল কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰক দাবী জনায় সংগঠনটোৱে  ৷ লগতে গণতন্ত্ৰক ভৰিৰে মোহাৰি অকল টিএমচিক সমৰ্থন নকৰাৰ অজুহাততে বিনা দোষী ৰাইজৰ ঘৰ দুৱাৰ ভাঙি, মহিলা সকলক ধৰ্ষণ কৰাৰ ভাবুকি প্ৰদান কৰা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰা পশ্চিমবংগ প্ৰশাসনৰ নীৰৱ ভূমিকাকো গৰিহণা দিছে সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ আঞ্চলিক কমিটীয়ে ৷
আঞ্চলিক কমিটিৰ সভাপতি ৰূপক ৰায় স্বাক্ষৰিত প্ৰেছ বিবৃতি খনত
পশ্চিমমংগৰ পৰা প্ৰাণৰ মমতাত পলাই আহি অসমত আশ্ৰয় লবলৈ বাধ্য হোৱা লোকসকলক ৰক্ষাবেক্ষণ দিবলৈ অসম চৰকাৰক  দাবী জনাইছে সন্থাই ৷ কোচ ৰাজবংশী লোকৰ ওপৰত অত্যাচাৰ বন্ধ লহ’লে  কোচ ৰাজবংশী ছাত্ৰ সন্থা কোনো কাৰণত হাত সাবতি বহি নাথাকে বুলিও একেখন বিবৃতিতে উল্লেখ কৰিছে ৷


কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথ, First News Report

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা