সাংবাদিকৰ প্ৰচেষ্টাত নতুন জীৱন পালে দুই ভাতৃয়ে≈≈স্থানীয় বিধায়িকাৰ পৰাও পালে কিছু সাহায্য

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৩০ মে’: একোখন চৰকাৰ আহে আৰু যায়। প্ৰতিখন চৰকাৰেই দৰিদ্ৰ জনসাধাৰণৰ হিতৰ কাৰণে যুগুত কৰে বিভিন্ন আঁচনি ৷ এই আঁচনিবোৰ যথা সময়ত ৰূপায়ণো হয়। পিছে এই আঁচনিবোৰ সঠিকভাৱে ৰূপায়িত হয়নে ! আঁচনিবোৰৰ সুবিধা প্ৰকৃত দৰিদ্ৰ হিতাধিকাৰীয়ে পায়নে ! হয়তো ইয়াৰ সুদুত্তৰ চৰকাৰেও দিব নোৱাৰিব ৷ কিয়নো এই আঁচনিবোৰৰ অধিকাংশই প্ৰকৃত হিতাধিকাৰীক স্পৰ্শ কৰা দেখা নায়ায় ৷ আচলতে চৰকাৰী তথা ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত এচাম মধ্যভোগীয়ে প্ৰকৃত হিতাধীকাৰীক বঞ্চিত কৰি আজি স্বাধীনতাৰ ৭৪ বছৰে দেশত কৰি আহিছে লুণ্ঠন আৰু বঞ্চনা। এচাম দিনক দিনে ওপৰলৈ গৈছে আৰু দুখীয়া গৰীব একাংশ দিনক দিনে দুখীয়া হৈ গৈ আছে। তাৰেই জলন্ত প্ৰমাণ বটদ্ৰৱা বিধান সভা সমষ্টিৰ অন্তৰ্গত পাঘালী গাঁও পঞ্চায়তৰ বাসিন্ধা দুই সহোদৰ ভাতৃ খগেন হীৰা আৰু ভোগেশ্বৰ হীৰা । ইতিমধ্যেই দুয়ো ভাতৃৰ বাস্তৱ কৰুন জীৱন পৰিক্ৰমা তথা কঠোৰ জীৱন সংগ্ৰামৰ বিষয়ে "First News Report" ৰ জৰিয়তে সবিস্তাৰে সম্প্ৰচাৰিত কৰা হৈছিল । এই দুই ভাতৃৰ কদৰ্যময় জীৱনৰ বিষয়ে অৱগত হোৱাৰ পিছতে নগাঁও জিলাৰ জাজৰি প্ৰেছ ক্লাৱৰ সম্পাদক তথা জেষ্ঠ সাংবাদিক ৰাহুল দেৱ বৰদলৈয়ে নিজা প্ৰচেষ্টাৰে এগৰাকী হৃদয়ৱান শিক্ষক মুকুন্দ শইকীয়াৰ সহযোগত দুই দৰিদ্ৰ ভাতৃক সাধ্যানুসাৰে সহায়ৰ হাত আগবঢ়ায়। সাংবাদিক বৰদলৈ আৰু শিক্ষক শইকীয়াই নিজৰ গাঠিৰ ধনেৰে এখন কাঠৰ পালেং, তুলি, বিচনা কাপোৰ, গাৰু, পিন্ধিবলৈ পেন্ট, কামিজ আৰু গেঞ্জিৰ লগতে কিছু খাদ্য সামগ্ৰী দেওঁবাৰে ঘৰতে গৈ যোগান ধৰে। ইফালে, সোমবাৰে বটদ্ৰৱা সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়িকা শিৱামনি বৰা এই দুই ভাতৃৃৰ গৃহত উপস্থিত হয়। বিধায়িকাগৰাকীয়ে সমগ্ৰ পৰিবেশটো পৰ্যবেশন কৰি বৰ্তমানেও এনে এক কদৰ্যময় পৰিবেশত মানুহ থকাটো অতি দুখৰ বিষয় বুলি মন্তব্য কৰি দুখ প্ৰকাশ কৰে । বিধায়িকা বৰাই অতি শীঘ্ৰে তেওঁলোকক অন্ন, বস্ত্র আৰু বাসস্থানৰ পৰ্যাপ্ত ব্যৱস্থা কৰি দিয়াৰ আশ্বাস প্ৰদান কৰাৰ লগতে বৰ্তমান ক’ভিড মহামাৰীৰ দুৰ্যোগৰ দিনত কেইদিনমান চলিব পৰাকৈ খাদ্য সামগ্ৰী আৰু কিছু নগদ ধন আগবঢ়ায়। দুয়ো অভাৱগ্ৰস্ত ভাতৃয়ে দীৰ্ঘদিনীয়া জীৱন যাতনাৰ পৰা সামান্য উদ্ধাৰৰ মুখ দেখি আৰু জীয়াই থকাৰ নতুন আশাত দুই দুৰ্ভগীয়া ভাতৃৰ দুচকুৰে আবেগৰ চকুলো বাগৰি আহে ৷
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা