বজালী জিলাত সাপ্তাহিক বজাৰ, পশুধনৰ বজাৰ বন্ধৰ ঘোষণা

ক'ৰোনাক লৈ বজালীৰ উপায়ুক্তৰ গুৰুত্বপূৰ্ণ বৈঠক

#বজালী জিলাত সাপ্তাহিক বজাৰ, পশুধনৰ বজাৰ বন্ধৰ ঘোষণা 

সঞ্জীৱ দাস, বজালী, ৬ মে': দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো ক'ৰোনাৰ আগ্ৰাসী অৱস্থাই প্ৰবল ৰূপ  ধাৰণ কৰা পৰিলক্ষিত হৈছে। প্ৰতিনিয়ত অনেক লোক  এই অতিমাৰীৰ  কবলত  পৰি আক্ৰান্ত  হৈছে। চৰকাৰীভাবে ক'ৰোনাক প্ৰতিহত কৰিবলৈ আৰু আক্ৰান্ত জনসাধাৰণক  সকাহ  দিবলৈ চৰকাৰী পৰ্যায়ত ব্যাপক প্ৰচেষ্টা অব্যাহত  ৰখা  হৈছে। বজালী  জিলাতো জিলা প্ৰশাসনে এই  দিশত  তৎপৰ  ভূমিকা গ্ৰহণ কৰাৰ  লগতে  সম্ভাব্য পৰিস্থিতিৰ ওপৰত আপাততঃ চোকা  দৃষ্টি  নিক্ষেপ  কৰি  আহিছে। আজি  বজালী  জিলাৰ  উপায়ুক্তৰ সভাকক্ষত আছু-যুৱছাত্ৰ পৰিষদ,  সাংবাদিক,  শ্মশান  কমিটি, স্বেচ্ছাসেবী সংগঠন, বজাৰ  কমিটি  আদি অনুষ্ঠানৰ  প্ৰতিনিধি বৰ্গৰ  উপস্থিতিত  জিলা প্ৰশাসনে  এক  গুৰুত্বপুৰ্ণ বৈঠকৰ  আয়োজন  কৰে। বজালী জিলা উপায়ুক্ত মৃগেশ নাৰায়ন বৰুৱাৰ সভাপতিত্বত  অনুষ্ঠিত গুৰুত্বপূৰ্ণ এই  বৈঠকত  প্ৰধানত ক'ৰোনাকেন্দ্ৰিক পৰিস্থিতিৰ বিষয়ত আলোচনা  কৰাৰ  লগতে  আক্ৰান্ত লোকক  কিদৰে  প্ৰয়োজনীয়  চিকিৎসা সাহায্য  প্ৰদান কৰিব  পাৰি  তাৰ ওপৰত  আলোচনা  কৰে। ইফালে  ক'ৰোনাৰ  আগ্ৰাসনৰ প্ৰতি লক্ষ ৰাখি  প্ৰশাসনে  তাৎক্ষণিক ভাৱে পাটাছাৰকুছিস্থিত নিৰ্মল হালৈ মহাবিদ্যালয়  আৰু বজালী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিস্থানত ক'ভিড কেয়াৰ চেণ্টাৰ  মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ  কৰে । বৈঠকত  উপায়ুক্ত বৰুৱাই এই  কথাও  সদৰী  কৰে  যে পাঠশালাৰ  ৰেলৱে  ষ্টেচনতো   এই  দিশত প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ  কৰিব  পৰাকৈ  ভাল  ডবা  আছে। আনহাতে ক'ভিডত  আক্ৰান্ত  হৈ মৃত্যু বৰণ  কৰা  লোকৰ সৎকাৰৰ  ক্ষেত্ৰত যাতে কোনো সমস্যাৰ  উদ্ভৱ  নহয়  তাৰ  প্ৰতি  নজৰ  ৰাখিবলৈ  উপায়ুক্ত গৰাকীয়ে  সকলোকে  আবেদন  জনায়  আৰু  উপস্থিত   বিভিন্ন সংস্থা- অনুষ্ঠানৰ প্ৰতিনিধিবৰ্গই  উপায়ুক্তৰ  আবেদনৰ  প্ৰতি ঐক্যমত  পোষণ  কৰে।আনহাতে,  যিসকল  লোক  আক্ৰান্ত হৈ  ঘৰতে  আছে  তেওলোকে  যাতে  সকলোৰে  পৰা  পূৰ্ণ শতাংশ   সংস্পৰ্শৰ  পৰা  আঁতৰত  থাকে  আৰু  সকলোৱে  যাতে  ক'ভিডৰ  নীতি-নিৰ্দশনা কঠোৰভাবে পালন  কৰে, তাৰ  বাবেও  তেওঁ আহ্বান  জনায়।
ইপিনে, জিলাখনৰ  ৰাজহ চক্ৰ বিষয়াসকলে সামগ্ৰিকভাবে পৰিস্থিতিৰ  ওপৰত  অহৰহ চোকা দৃষ্টি  ৰাখিব  বুলিও  উপায়ুক্তই  জানিবলৈ  দিয়ে লগতে ক'ভিডৰ  নীতি-নিৰ্দেশনাসমূহ যাতে জনাসাধাৰণে   খৰচি  মাৰি  ভালকৈ  জানিব  পাৰে  তাৰ  বাবে  নিৰ্দেশনা  সমূহ জনসাধাৰণৰ  ওচৰলৈ  লৈ  যাবলৈ  আহ্বান  জনাই  এই  দিশত  সকলোৰে  সহযোগিতা  কামনা  কৰে। উল্লেখ্য, আজিৰ  সভাত  জিলাখনৰ প্ৰশাসনীয় বিষয়াসকল,  আৰক্ষীৰ  উচ্চ পৰ্যায়ৰ  বিষয়া  আৰু  স্বাস্থ্য  বিভাগৰ  বিষয়াও  উপস্থিত  থাকে। আন এক উল্লেখ্য যে, আজি জিলা উপায়ুক্তই  তৎকালীনভাৱে বলৱৎ হোৱাকৈ জিলাখনত  ক'ভিড ৰোগৰ ব্যাপক সংক্ৰমণ ৰোধ কৰাৰ নিমিত্তে  বজালী জিলাৰ ভিতৰৰ সকলো সাপ্তাহিক বজাৰ, পশুধনৰ বজাৰ পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধৰ নিৰ্দেশ জাৰি কৰিছে।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা