নলবাৰী জিলা বিজেপিৰ উদ্যোগত চেনিটাইজ

অসমত ভয়াবহ ভাবে বাঢ়ি থকা কৰ’ণাৰ সংক্ৰমণৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত নলবাৰী চহৰৰ ব্যস্ত পথ সমুহৰ দোকান পোহাৰ বিলাকত চেনিটাইজাৰ কৰা হয়। অগ্নি নিৰ্বাপক বাহিনীৰ বিশেষ বাহনৰ সহায়ত চহৰৰ বড় মছজিদ চক,পি এন চি ৰোড,থানা চক,কলেজ ৰোড,এন টি ৰোডৰ লগতে আছুৰ শ্বহীদ ভৱনটো চেনিটাইজেছন কৰা হয়। বিজেপিৰ নলবাৰী জিলা সমিতিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰৰ উদ্যোগত আৰু নলবাৰী জিলা আই টি চেলৰ আহ্বায়ক মৃগাংক দাস,কিষাণ মৰ্চাৰ টাউন মণ্ডলৰ সভাপতি 
বেদান্ত কলিতা,কিষাণ মৰ্চা টাউন মণ্ডলৰ কোষাধ্যক্ষ পংকজ কলিতাৰ পৰ্যবেক্ষণত চহৰৰ প্ৰায় আটাইকেইটা পথতেই চেনিটাইজাৰ কৰা হয়। উল্লেখ্য যে বৰ্তমানলৈকে জিলা খনত প্ৰায় চাৰি হাজাৰ লোক কৰ’ণাত আক্ৰান্ত হৈছে।

নলবাৰী পৰা শংকৰ দাস ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা