নগাঁৱৰ কচুৱাত ৰাইজে আটক কৰিলে দুই ড্ৰাগছ সেৱনকাৰী

# নগাঁৱৰ কচুৱাত ৰাইজে আটক কৰিলে দুই ড্ৰাগছ সেৱনকাৰী#

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৫ মে’: সুদক্ষ আই পি এছ বিষয়া আনন্দ মিশ্ৰই নগাঁও জিলাৰ আৰক্ষী অধীক্ষক হিচাপে যোগদান কৰাৰ পিছৰে পৰা জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰতৰ হৈছে আৰক্ষীৰ অভিযান ৷ আনকি আৰক্ষী অধীক্ষকগৰাকীয়ে একপ্ৰকাৰ জেহাদ  ঘোষণাৰে জিলাখনক ড্ৰাগছমুক্ত কৰি তোলাৰ লক্ষ্যৰে জিলাখনত দীৰ্ঘদিনে অব্যাহত থকা চোৰাং ড্ৰাগছৰ সামাজ্যখনৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহন কৰিছে ৷ আৰক্ষী অধীক্ষক মিশ্ৰৰ নিৰ্দেশত দিনে-নিশাই নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযান অব্যাহত থকাৰ মাজতে মঙলবাৰে জিলাখনৰ কচুৱা তিনিআলি বজাৰত ৰাইজে বুজন পৰিমানৰ ড্ৰাগছ সহ আটক কৰে দুই ড্ৰাগচ সেৱনকাৰী যুুুুৱকক। ধৃত যুৱকদ্বয় পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংচুৰ মাইচং ইংতি আৰু সাথি টেৰাং বুলি জানিব পৰা গৈছে ৷ আচলতে কচুৱা তিনিআলিৰ এঘৰৰ পৰা ড্ৰাগছ ক্ৰয় কৰি ঘৰলৈ ওভতাৰ পথত ৰাইজে আটক কৰে যুৱকদ্বয়ক ।পিছত ধৃত যুৱকদ্বয়ক ৰাইজে কচুৱা আৰক্ষীক গটাই দিয়ে। যুৱক দুজনৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে ছাজিদা বেগম নামৰ এগৰাকী মহিলাক আটক কৰি তদন্ত অব্যাহত ৰাখিছে ৷ ইফালে, আন্তঃজিলা যাতায়াতৰ ক্ষেত্ৰত নিষেধাজ্ঞা অব্যাহত থকাৰ মাজতে কিদৰে পশ্চিম কাৰ্বি আংলঙৰ পৰা যুৱকদ্বয় কচুৱা পালেহি তাক লৈ সচেতন মহলৰ মাজত চৰ্চা চলিছে ৷
====================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা