বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যুত বেবেজীয়াৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ শোক প্ৰকাশ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১২ মে': বিশিষ্ট সাহিত্যিক, বুদ্ধিজীৱি হোমেন বৰগোহাঞিৰ মৃত্যত শোকাচ্ছন্ন হৈ পৰিছে সমগ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে নগাঁও জিলাৰ বেবেজীয়া অঞ্চলো । প্ৰথিতযশা লেখক-সাংবাদিক গৰাকীৰ মৃত্যক 'এক বুদ্ধিদীপ্ত চেতনাৰ মেলানি' বুলি অভিহিত কৰিছে নগাঁৱৰ অন্যতম সামাজিক-সাংস্কৃতিক অনুষ্ঠান 'সৃষ্টি'ৰ সম্পাদক জ্যোতিপ্ৰসাদ বৰাই । অনুষ্ঠানটোৰ সভাপতি তথা বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিঙেও তেওঁৰ মৃত্যু অসম আৰু অসমীয়াৰ বৃহৎ ক্ষতি বুলি উল্লেখ কৰি সংবাদ মাধ্যমলৈ শোকবাৰ্তা প্ৰেৰণ কৰিছে । ইপিনে, বৃহত্তৰ বেবেজীয়া অঞ্চলৰ অন্যতম অনুষ্ঠান প্ৰেছ ক্লাৱ, বেবেজীয়াইও শোক প্ৰস্তাৱ গ্ৰহণ কৰি সম্পাদক প্ৰাঞ্জল বৰদলৈয়ে অসমৰ বৌদ্ধিক সমাজ দৰিদ্ৰ হ'ল বুলি অভিহিত কৰে । তদুপৰি ডিমৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক-সুবক্তা মোহিনী মোহন ডেকা, সদৌ অসম কলিতা জনগোষ্ঠী সন্মিলনৰ নগাঁও জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ভাৰত বৰা, সম্পাদক সমীৰ হাজৰিকা, চকলাঘাট শাখা সাহিত্য সভাৰ সম্পাদক কল্যাণ কুমাৰ বৰা, অসম যোগ সংস্থাৰ সম্পাদক প্ৰভাত চন্দ্ৰ বৰা, সামাজিক অনুষ্ঠান 'বৰগছ'ৰ অন্যতম সমন্বয়ক শোণিত ৰঞ্জন হাজৰিকা, সদৌ অসম মজলীয়া স্কুল শিক্ষক সংস্থাৰ নগাঁও জিলা সমিতিৰ সম্পাদক বগীৰাম বৰা, সাংবাদিক সুৰক্ষা মঞ্চৰ সাংগঠনিক সম্পাদক জয়ন্ত মুদৈ, জাজৰি প্ৰেছ ক্লাৱ, ক্ৰীড়া অনুষ্ঠান শ্বাইনছ প্লেয়াৰ্ছ আদিকে ধৰি বেবেজীয়া অঞ্চলৰ কুৰিৰো অধিক অনুষ্ঠান-প্ৰতিষ্ঠান চিন্তানায়ক গৰাকীৰ মহাপ্ৰস্থানত ম্ৰিয়মান হৈ পৰা পৰিলক্ষিত হয় ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা