বঙাইগাঁৱত আক্ৰাছুৰ সংবাদ মেল, ফণীভূষণ চৌধুৰীক মন্ত্ৰীত্ব প্ৰদান দাবী

বঙাইগাঁৱত আক্ৰাছুৰ সংবাদ মেল 

মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত নৱ গঠিত চৰকাৰলৈ অভিনন্দন জ্ঞাপন
 
ফণীভূষণ চৌধুৰীক মন্ত্ৰীত্ব প্ৰদান দাবী

বঙাইগাঁওঃ ১১ মেঃ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত নতুন মন্ত্ৰী সভা তথা চৰকাৰলৈ সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে ৷ মঙলবাৰে সংগঠনটোৰ বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায় আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক কেশৱ ৰায়ে আশা ব্যক্ত কৰি কয় যে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম তথা অসমৰ বিভিন্ন জাতি - জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সমাধান হ'ব আৰু সকলোৱে একেলগে আগবাঢ়ি যাবলৈ সক্ষম হ'ব ৷ বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু কমতাপুৰ  ৰাজ্য পুনৰ গঠনৰ দাবীৰ স্থায়ী সমাধানৰ সূত্ৰ উলিয়াবলৈ সক্ষম হ'ব ৷ বিগত ২০১৯ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত সংসদৰ বাজেট অধিৱেশনৰ সময়ত ৰাজ্যসভাত কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ বিধেয়কখন উত্থাপন কৰা হৈছিল যদিও দুৰ্ভাগ্যজনকভাৱে ৰাজ্যসভাত বিধেয়কখনৰ ওপৰত কোনো আলোচনা নোহোৱাৰ কাৰণে বিধেয়কখন গৃহীত নহ'ল ৷ পৰৱৰ্তী সময়ত জনজাতিকৰণৰ সমস্যাটো সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ে গঠন কৰি দিয়া পূৰ্বৰ অসম চৰকাৰৰ বিত্তমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত জনজাতিকৰণ সংক্ৰান্তীয় মন্ত্ৰীগোট গঠন কৰি দিছিল ৷ উক্ত মন্ত্ৰীগোটৰ সৈতে আক্ৰাছুৰ লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন জাতীয় সংগঠনে কেইবালানি আলোচনাত মিলিত হৈছিল ৷ মন্ত্ৰীগোটে উক্ত সমস্যাটো শীঘ্ৰে সমাধান কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰিছিল ৷ এইবাৰ যিহেতুকে জনজাতিকৰণ সংক্ৰান্তীয় মন্ত্ৰীগোটৰ অধ্যক্ষজনেই মুখ্যমন্ত্ৰী হিচাপে অধিস্থিত হ'ল ,সেয়ে আক্ৰাছুৱে নৱ গঠিত মুখ্যমন্ত্ৰীগৰাকীক লোকসভাৰ আগন্তক গ্ৰীষ্মকালীন অধিৱেশনতেই জনগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্যদা প্ৰদান কৰিবলৈ দাবী জনায় ৷ লগতে ২০১৩ চনৰ পৰা চলি থকা আক্ৰাছু , অসম চৰকাৰৰ প্ৰতিনিধি আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ মাজত অনুষ্ঠিত ত্ৰিপাক্ষিক আলোচনা বন্ধ হৈ থকাত পুনৰ আৰম্ভ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণৰো দাবী জনায় ৷ আনহাতে কোচ ৰাজবংশী জনগোষ্ঠীৰ এগৰাকীও প্ৰতিনিধি মন্ত্ৰী সভাত স্থান নোপোৱাত ক্ষোভ প্ৰকাশ কৰি কমতাপুৰ স্বায়ত্বশাসিত পৰিষদ এলেকাৰ তথা একেৰাহে আঠবাৰকৈ বঙাইগাঁও সমষ্টিৰ পৰা  নিৰ্বাচিত একমাত্ৰ জনগোষ্ঠীটোৰ বিধায়ক ফণীভূষণ চৌধুৰীক মন্ত্ৰীত্ব প্ৰদান কৰিবলৈকো চৰকাৰৰ ওচৰত দাবী জনায় ৷ সংবাদ মেলত আক্ৰাছুৰ উপ সভাপতি ক্ষীতিশ বৰ্মন, সাংগঠনিক সম্পাদক কল্যাণ সিংহৰ লগতে কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে ৷


প্ৰণৱ কুমাৰ ডেকা 
বঙাইগাঁও

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা