ৰঙিয়াত কোভিট আক্ৰান্তৰ ক্ষেত্ৰত মহকুমাধিপতি স্বপ্নীল পালৰ তৎপৰতাঃ আৰ আৰ টিম গঠিতঃ বিছনা সাজু

প্ৰতিবেদক, ৰঙিয়া ১২ মেঃ সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়া মহকুমাতো ধাৰাবাহিক ভাৱে বৃদ্ধি পাইছে কৰনাৰ সংক্ৰমণ।আজিৰ দিনটোত ৰঙিয়াত ৩৯ গৰাকী লোক কৰণাত আক্ৰান্ত হৈছে। ইয়াৰে ৰঙিয়া অসামৰিক চিকিৎসালয়ত ২১,ৰঙিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ১৭ আৰু কনিহা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এজনৰ দেহত সংক্ৰমণ ধৰা পৰে। উল্লেখ্য ৰঙিয়া অসামৰিক চিকিৎসালয়ত আজি ৭৬ আৰু কনিহাত ২৬ গৰাকী লোকৰ ৰেপিড এন্টিজেন টেস্ট কৰাত ৩৯ গৰাকী লোক কোভিডত আক্ৰান্ত বুলি নিশ্চিত কৰা হয়। ইয়াৰ ভিতৰত সাহানৰ এটা পৰিয়ালত পাচঁ গৰাকী আৰু দহৰাৰ একেই পৰিয়ালৰ চাৰিজন লোকৰ দেহত সংক্ৰমণ পোৱা গৈছে। ৰঙিয়াত দুজন আক্ৰান্তৰ শাৰিৰীক অৱস্থা হঠাৎ সংকটজনক হোৱাত তেওঁলোকক ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালৰ তৎপৰতাত হাজোৰ কলিতাকুচি কোভিড চিকিৎসালয়ত প্ৰেৰণ কৰা হয়। ইতিমধ্যে ৰঙিয়াত আক্ৰান্তৰ সংখ্যা ৪০৩ জনলৈ বৃদ্ধি পোৱাত এক উদ্বেগ জনক পৰিস্থিতিৰ সৃষ্টি হৈছে। অৱশ্যে  ৰঙিয়াৰ  এই ভয়াবহ পৰিস্থিতি মোকাবিলাৰ বাবে ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে। তেওঁ সম্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি ৰঙিয়াত কৰণাত আক্ৰান্ত সকলক তাৎক্ষণিক ভাৱে চিকিৎসা প্ৰদান কৰাৰ বাবে আৰ আৰ টি (ৰেপিড ৰেছপন্স টিম) গঠন কৰি দিছে। এই টিমৰ দায়িত্ব অৰ্পণ কৰা হৈছে ডাঃ নয়নমনি কলিতাক। ইয়াৰ  উপৰিও কোভিট আক্ৰান্তৰ বাবে ৰঙিয়া আদৰ্শ চিকিৎসালয়ত পাঁচ খন আৰু ৰঙিয়া অসামৰিক চিকিৎসালয়ত তিনিখন বিছনা দহখন চকী, অক্সিজেন চিলিণ্ডাৰ লগতে অন্যান্য প্ৰয়োজনীয় সামগ্ৰী সহ  সাজু কৰি ৰখা হৈছে বুলি চিকিৎসালয় সূত্ৰত জনা গৈছে। আজি মহকুমাধিপতি পালে ৰঙিয়াৰ সিদ্ধিনাথ শৰ্মা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ কোভিড পৰিস্তিতিৰ বুজ লয়। তেওঁ ৰঙিয়াৰ সামগ্ৰিক কোভিড পৰিস্থিতি সন্দৰ্ভত স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য আৰু  চিকিৎসা বিষয়া ডাঃ গুন গোবিন্দ শৰ্মাৰ লগত আলোচনাত মিলিত হয়। মহকুমাধিপতি পালে ৰাইজক আতংকিত নহৈ কোভিটৰ নীতি নিয়ম কঠোৰ ভাৱে পালন কৰিবলৈ আহ্বান জনায়। ইপিনে কালিৰ দিনটোত ৰঙিয়াা মহকুুমাত ৪৫৩ জনৰ ৰেপিড এন্টিজেন টেস্ট কৰাত  ৮৩ জনৰ দেহত কৰ'নাৰ সংক্ৰমণ ধৰা পৰে। মহকুমাটোত মুঠ সক্ৰিয় কৰণাত আক্ৰান্তৰ সংখ্যা হ'ল ৭৭৬।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা