প্ৰবীন নাট্যকৰ্মী, অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক শশী বৰাৰ জীৱনাৱসান

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ৫ মেঃ নগাঁও জিলাৰ ডিমৌ চাৰিআলিৰ সমীপৱৰ্তী কুঁজাৰবৰি নিবাসী বিশিষ্ট সমাজকৰ্মী, প্ৰবীন নাট্যকৰ্মী তথা অৱসৰপ্ৰাপ্ত কৃতী শিক্ষক শশী বৰাৰ বুধবাৰে বাৰ্ধক্যজনিত কাৰণত নিজ বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮১ বছৰ ৷ পবিত্ৰ শিক্ষাবৃত্তিত জড়িত থকা বৰাই নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ লগতে নিজৰ কৰ্মৰত শিক্ষানুষ্ঠান আৰু স্থানীয় অঞ্চলত সুস্থ শৈক্ষিক পৰিবেশ গঢ়ি তোলাত উল্লেখনীয় ভূমিকা পালন কৰিছিল ৷ এগৰাকী কৃতী শিক্ষক হিচাপে নিজৰ প্ৰতিভাক উজ্বলাই তুলি সবাৰে প্ৰিয়ভাজন হৈ পৰা বৰা এগৰাকী নাট্যকৰ্মী ৰূপেও স্থানীয় অঞ্চলত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল ৷ বিশেষকৈ অপেচাদাৰী নাট্য জগতৰ প্ৰসিদ্ধ নাট পৰিচালক বৰাই আমৃত্যু পৰ্যন্ত বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত সক্ৰিয়ভাবে জড়িত থাকি আনৰ তথা সমাজৰ কল্যাণৰ বাবেই নিজকে আত্মনিয়োগ কৰি ৰাখিছিল ৷ অঞ্চলবাসীৰ সকলোৰে আদৰৰ, অতি অমায়িক আৰু সৰল মনৰ সৰবৰহী বৰাৰ মৃত্যুত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ বিয়পি পৰাৰ লগতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে ৷ মৃত্যুৰ সময়ত বহু গুণধাৰী বৰাই পত্নী, দুজন পুত্ৰ, দুগৰাকী বোৱাৰী, জী-জোঁৱাইৰ লগতে চাৰিটি নাতি-নাতিনীসহ বহু আত্মীয়-স্বজনক ইহ সংসাৰত এৰি থৈ যায় ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা