নগাঁৱত নৱনিযুক্ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত

সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাটো এতিয়া কৰ’নাভাইৰাছৰ দ্বিতীয় ঢৌৰ তাণ্ডৱ ৷ নিতৌ ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালকৈ বাঢ়িছে মৃত্যুৰ সংখ্যাও ৷ ফলত ৰাইজৰ মাজত সৃষ্টি হোৱা আতংকময় পৰিবেশৰ মাজতে শনিবাৰে নগাঁৱত উপস্থিত হয় নৱনিযুক্ত স্বাস্থ্যমন্ত্ৰী কেৱশ মহন্ত ৷ জিলাখনৰ ক’ভিড পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ মন্ত্ৰী গৰাকীয়ে প্ৰথমে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খনত কৰ’না পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে ৷ চিকিৎসালয়খন পৰ্যবেক্ষণ কৰাৰ অন্তত জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া, স্বাস্থ্য বিভাগৰ উৰ্ধ্বতম বিষয়া আৰু স্থানীয় বিধায়ক সকলৰ সৈতে জিলাখনত উদ্ভৱ হোৱা কৰ’না পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰে ৷ ইয়াৰ পিছতে মন্ত্ৰীজনে সংবাদ মাধ্যমৰ আগত নগাঁৱৰ কৰ’না পৰিস্থিতিৰ সন্দৰ্ভত অবগত কৰে ৷
================
 নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ১৫ মে’

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা