ক'ভিড প্ৰতিৰোধৰ বাবে বজালীত তৎপৰতাঃ বেংক, বিত্তীয় প্ৰতিষ্ঠানত চেনিটাইজ

সঞ্জীৱ দাস, বজালী, ২৯ মে': ক'ভিডৰ  আগ্ৰাসনে ৰাজ্যবাসীক ত্ৰাসিত কৰি তোলাৰ সময়ত  ক'ভিড  নিয়ন্ত্ৰণ কৰাৰ  বাবে বজালী জিলা  প্ৰশাসনে  ব্যাপক পদক্ষেপ  গ্ৰহণ  কৰা  পৰিলক্ষিত  হৈছে। আজি  কে'বাদিন ধৰি  জিলাখনৰ  সৰুপেটা , পাটাছাৰকুছি,  পাঠশালা আদি ঠাইসমূহৰ  ভিন্ন প্ৰান্তত আৰু  পাঠশালা  ৰেল ষ্টেচনত জনসাধাৰণৰ  নিৰন্তৰ ক'ভিড  পৰীক্ষা  কৰা  হৈছে  । আশাপ্ৰদ কথা  এয়ে যে সম্প্ৰতি  সামগ্ৰিকভাৱে জিলাখনত ক'ভিড  পজিটিভৰ  সংখ্যা নিয়ন্ত্ৰিত পৰ্যায়লৈ  আহিব  ধৰা  দেখা  গৈছে। ইপিনে, শুক্ৰবাৰে পাটাছাৰকুছিস্থিত  নিৰ্মল হালৈ কলেজত ক'ভিড কেন্দ্ৰ এটা মুকলি কৰাৰ  লগতে  অক্সিজেন কনচেট্ৰেটৰ সংলগ্ন  কৰা  হৈছে। এই  কেন্দ্ৰটোৰ  শুভাৰম্ভৰ  অনুষ্ঠানত  উপায়ুক্ত  বৰুৱাৰ উপৰিও  জিলাৰ  প্ৰশাসনীয় বিষয়াসকল , চিকিৎসক  সুধীন পাটগিৰী আৰু স্বাস্থ্য  বিভাগৰ বিষয়াসকল  উপস্থিত  থাকে। স্বাস্থ্য বিভাগৰ সূত্ৰই  প্ৰকাশ কৰা  অনুসৰি  এই  কেন্দ্ৰটোত  পঞ্চাশ খন  বিচনা   ৰখা  হৈছে।  আনহাতে  আজি  জিলাখনৰ  অন্তৰ্গত  বেংক  আৰু অন্যান্য  বিত্তীয় প্ৰতিষ্ঠান সমূহতো  চেনিটাইজ  কৰা  হৈছে । মনকৰিবলগীয়া যে  সৰুপেটাৰ  সমীপৰ  চাউলীয়াবড়ীৰ  বজেলীয়া  চুবাক   কিছুদিন পূৰ্বে প্ৰশাসনে কণ্টেইনমেণ্ট জোন  হিচাপে  ঘোষণা  কৰিছিল  যদিও  নিৰ্দিষ্ট  নীতি নিয়ম অনুসৰি   উক্ত সময় পাৰ  হোৱাৰ  পাছত জোনৰ  অন্তৰ্গত লোকসকলৰ ক'ভিড পৰীক্ষা  কৰাত  ফলাফল  নিগেটিভ  অহাৰ পৰিপ্ৰেক্ষিতত  কাইলৈ  প্ৰশাসনে  উক্ত  অঞ্চলক  কণ্টেইনমেণ্ট  জ'নৰ  পৰা  মুক্ত  বুলি   ঘোষণা  কৰিব।  উল্লেখ্য যে,  জিলা  প্ৰশাসনৰ   প্ৰশাসনীয় বিষয়া  সকলে  উপায়ুক্তৰ  নেতৃত্বত কভিড  নিয়ন্ত্ৰণৰ  এই  পদক্ষেপত অহৰ্নিশে কাম  কৰি  আছে ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা