ৰঙিয়াৰ প্ৰবীণ অধিবক্তা গোলাম আহমেদ হুছেইনৰ সংহাৰী কোভিডত মৃত্যু

প্ৰতিবেদক, ৰঙিয়া, ১৩ মেঃ 
ৰঙিয়া  উদিয়ানা গাঁৱৰ বাসিন্দা তথা ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ প্ৰবীণ অধিবক্তা গোলাম আহমেদ হুছেইনৰ আজি উত্তৰ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। ৬৫ বছৰীয়া অধিবক্তা গৰাকীৰ  হৃদৰোগ  উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগত আক্ৰান্ত  হুছেইনক কালি নিশা উত্তৰ গুৱাহাটীৰ  নাৰায়ণা চুপাৰ স্পেছিয়েলিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। তাত অক্সিজেনৰ পৰিমাণ কমি থকাত পৰীক্ষা কৰাত তেওঁৰ শৰীৰত  কোভিডৰ  সংক্ৰমণ ধৰা পৰে। অৱশেষত আজি  দুপৰীয়া  তেওঁ মৃত্যুক আঁকোৱালি লয়।এগৰাকী জ্যেষ্ঠ আৰু দক্ষ অধিবক্তা হিচাবে জনপ্ৰিয়তা অৰ্জন কৰা হুছেইনে বৰঘুলী  নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্বেচ্ছা অৱসৰ গ্ৰহণ কৰে।এগৰাকী সহকাৰী শিক্ষক হিচাপেও যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰা হুছেইনে অতি সহজ সৰল তথা অমায়িক স্বভাৱৰ বাবে সকলোৰ মন জয় কৰিবলৈ সক্ষম  হৈছিল। অদম্য কৰ্মস্পৃহা থকা গোলাম আহমেদ হুচেইনৰ  মৃত্যুত ৰঙিয়াত শোকৰ ছাঁ পৰিছে ।মৃত্যুৰ সময়ত প্ৰয়াত হুছেইনে পত্নীৰ উপৰিও  তিনিগৰাকী কন্যা লগতে অগণন গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায়।তেওঁৰ মৃত্যুত ৰঙিয়া অধিবক্তা সন্থাৰ উপৰি বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।
প্ৰেৰক, পহৰেদ আলী আহমেদ, ৰঙিয়া ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা