নগাঁৱৰ অৱসৰপ্ৰাপ্ত অধ্যাপকৰ নামত দুষ্টচক্ৰৰ ভুৱা ফেচবুক একাউন্ট≈≈ধন বিচাৰি মেছেঞ্জাৰত বিভিন্ন জনলৈ মেচেজ প্ৰেৰণ

নগাঁৱৰ পৰা জয়ন্ত মুদৈ, ২৮ মে': ৰাজ্যজুৰি অব্যাহত থকা কৰ’নাৰ বিভীষিকাময় পৰিস্থিতিৰ মাজতে "ইজি মানি" ঘটাৰ লক্ষ্যৰে এক অসাধু চক্ৰ সক্ৰিয় হৈ পৰিছে ৷ এই দুষ্টচক্ৰটোয়ে সমাজৰ এচাম বিশিষ্ট নাগৰিকক জনপ্ৰিয় ছ’চিয়েল নেটৰ্কিং চাইট ফেচবুকৰ জৰিয়তে টাৰ্গেট কৰি লৈছে ৷ শেহতীয়াভাবে এই দুষ্টচক্ৰৰ কৱলত পৰিছে নগাঁও জিলাৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপক ৷ আচলতে, নগাঁও চহৰৰ পাৰ্শ্চৱৰ্তী খুটিকটীয়া নিবাসী তথা নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° দিলীপ শৰ্মাৰ নামত দুষ্ট চক্ৰই এটা ভুৱা ফেচবুক একাউণ্ট খুলি বিভিন্ন জনলৈ ধন বিচাৰি মেছেঞ্জাৰত বাৰ্তা প্ৰেৰণ কৰিছে ৷ জানিব পৰা মতে, অধ্যাপকজনৰ ফেচবুকৰ একাউন্টটোৰ প্ৰ'ফাইল ফটো ব্যৱহাৰ কৰি তেওঁৰ নামতেই কোনো দুষ্ট চক্ৰই আন এটা ভুৱা ফেচবুক একাউণ্ট খুলি তেওঁৰ আত্মীয়, বন্ধু-বান্ধৱী আৰু চিনাকি লোকলৈ ভুৱা একাউন্টটোৰ পৰা প্ৰথমে Hi আৰু Hello মেচেজ মেছেঞ্জাৰৰ জৰিয়তে প্ৰেৰণ কৰে। পৰৱৰ্তী পৰ্যায়ত How are you, where are you, I need a help, Do you have google pay, Tell me pls, phone pe, paytm, I need money urgent" বুলি বিভিন্ন মেচেজ পঠাই দহ হাজাৰকৈ টকা বিচাৰে ৷ কিন্তু এনেদৰে আৰ্থিক সহায় বিচাৰাত অধ্যাপকজনৰ কেইবাজনো বন্ধু আৰু প্ৰাক্তন ছাত্ৰই অধ্যাপকজনৰ লগত ফোনৰ জৰিয়তে যোগাযোগ কৰাতহে উৰহি গছৰ উৰ পৰে ৷ এনে কথা শুনি অধ্যাপকজন হতভম্ব হৈ পৰে আৰু তেওঁ কালৈকো তেনে মেচেজ প্ৰেৰণ কৰা নাই বুলি স্পষ্ট কৰি দি সেইটো তেওঁৰ নামত কোনো হেকাৰে খোলা ভুৱা ফেচবুক একাউণ্ট বুলি অৱগত কৰাৰ লগতে সেই হেকাৰৰ ষড়যন্ত্ৰৰ জালত ভৰি নিদিবলৈ আহ্বান জনায়। তদুপৰি অধ্যাপকজনে ফেচবুকৰ আন ঘনিষ্ঠ বন্ধু-বান্ধৱীসকলকো ফোন কৰি বিষয়টো অৱগত কৰে। ইফালে, অৱসৰপ্ৰাপ্ত অধ্যাপক ড° শৰ্মাই সমগ্ৰ বিষয়টো অৱগত কৰি স্থানীয় হয়বৰগাঁও 
আৰক্ষী চকীত লিখিত অভিযোগ দাখিল কৰিছে বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য, অনুৰূপ ধৰণে নগাঁৱৰ এজন জ্যেষ্ঠ সাংবাদিক হেমেন কুমাৰ দাসৰ নামটো দুষ্টচক্ৰই ভুৱা ফেচবুক একাউণ্ট খুলি বিভিন্ন জনৰ পৰা ধন বিচৰাৰ ঘটনা সংঘটিত হৈছে ৷
==================

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা