সত্যনাৰায়ণ চাহ বাগিচাত সৰ্বাধিক কভিড 19 পৰীক্ষা সম্পন্ন । ৫২০ জনৰ পৰীক্ষা, ৬ জনৰ পজিটভ

নাহৰকটীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সত্যনাৰায়ণ চাহ বাগিচাত  ইংৰাজী ১৪/০৫/২০২১ তাৰিখে দ্বিতীয় দিনা ২৯০ জনক কভিড 19 পৰীক্ষা কৰি ৩ জনৰ  কভিড পজিটিভ ধৰা পৰে  । প্ৰথম দিনা ২৩০ জনক পৰীক্ষা কৰি   ৩ জনৰ পজিটভ আৰু দ্বিতীয় দিনা ২৯০ জনক পৰীক্ষা কৰি ৩ জনৰ পজিটভ ধৰা পৰে । দুয়োদিনৰ সৰ্বমুঠ ৫২০ জনক পৰীক্ষা কৰি ৬ জনৰ পজিটভ ধৰা পৰে । আজি স্বাস্থ্য বিভাগৰ তৰফৰপৰা ক'ভিড 19 পৰীক্ষা সম্পন্ন কৰা হয় যদিও আৰু ইচ্ছূক বহু শ্ৰমিকে পৰীক্ষা কৰাৰ সুবিধা নাপালে । কভিড পৰীক্ষা স্থলীত অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা নাহৰকটীয়া শাখাৰ সদস্য অভিনাশ গোৱালাৰ লগতে সত্যনাৰায়ণ চাহ বাগিচাৰ প্ৰাথমিক গোটে সম্পূৰ্ণ সহযোগিতা আগবঢ়াই । উল্লেখযোগ্য যে যোৱা ইংৰাজী ১২/০৫/২০২১ তাৰিখে ,অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা) কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ললিত মাহালীৰ নেতৃত্বত , আটছা, নাহৰকটীয়া শাখা আৰু চাহ বাগিচাৰ কতৃপক্ষ ,শ্ৰমিক ইউনিয়নৰ লগতে শ্ৰমিক-কৰ্মচাৰীৰ সম্পূৰ্ণ সহযোগিতাত  শ্ৰমিক সকলৰ মাজত সজাগতা কৰাৰ বাবেই নাহৰকটীয়াৰ সত্যনাৰায়ণ চাহ বাগিচাত সৰ্বাধিক ক'ভিড 19 পৰীক্ষা কৰাবলৈ সক্ষম হয় ।

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা