বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ মৃত্যুত শোক পাথৰি বৈদিক ধৰ্ম সংঘৰ

নগাঁৱৰ পৰা জয়ন্ত মুুুদৈ, ১২ মে’: অসমৰ বৌদ্ধিক তথা সাহিত্য জগতৰ মহীৰূহ, বিশিষ্ট কথা সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞিৰ জীৱনাৱসানত সকলোকে শোকগ্ৰস্ত কৰি তোলাৰ বিপৰীতে ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে শোক প্ৰকাশ কৰিছে ৷ ইয়াৰ ব্যতিক্ৰম নহয় নগাঁও জিলাও ৷ জিলাখনৰ বিভিন্ন দল-সংগঠন তথা ব্যক্তি বিশেষে বৰেণ্য ব্যক্তিগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছে ৷ ইয়াৰ মাজতে জিলাখনৰ ঐতিহ্যমণ্ডিত পাথৰি বৈদিক ধৰ্ম সংঘই মহান সাহিত্যিক গৰাকীৰ মৃত্যুত সংঘৰ সমূহ বিষয়-ববীয়া আৰু সদস্য বুধবাৰে পুৱাৰ ভাগত বৈদ্যুতিক মাধ্যমেৰে মিলিত হৈ এক সভাৰ জৰিয়তে এক মিনিট সময় মৌন প্ৰাৰ্থনা জনাই বৰগোহাঞিৰ সাগৰ সদৃশ বিশাল ব্যক্তিত্ব, জীৱন পৰিক্ৰমা, আৰু গুণৰাজিৰ ওপৰত এক চমু আলোকপাত কৰি তেখেতৰ কৰ্মৰাজিক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ৷ তদুপৰি সভাত গৃহীত এক প্ৰস্তাৱ যোগে বৰ্ষীয়ান বুদ্ধিজীৱি গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰি তেখেতৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে বুলি সংঘৰ সভাপতি কুমুদ চন্দ্ৰ ভট্টাচাৰ্য আৰু সম্পাদক মৃণাল জ্যোতি শৰ্মাই জানিবলৈ দিছে ৷

Comments

Popular posts from this blog

অসম চৰকাৰে প্ৰৱৰ্তন কৰা শৈক্ষিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীক গোলাঘাট জিলা বিদ্যালয় পৰিদৰ্শকৰ আহ্বান

শিৱসাগৰৰ ২ নং চাউলকৰা বামবাৰীৰ কাশ্মীৰত কৰ্মৰত সেনাৰ জোৱানৰ মৃত্যু

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ গোৱালপাৰাৰ উপায়ুক্ত বৰ্ণালী ডেকাৰ ১০,৮০,৫৭৯ টকা